ETV Bharat / bharat

Cabinet approves Railways Projects : কেন্দ্ৰীয় কেবিনেটে ৭টা কি কি ৰে'ল প্ৰকল্প অনুমোদন জনাইছে ?

author img

By

Published : Aug 17, 2023, 2:26 PM IST

Cabinet approves Railways Projects
কেন্দ্ৰীয় কেবিনেটে ৭টা কি কি ৰে'ল প্ৰকল্প অনুমোদন জনাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৭ টা ৰে'ল প্ৰকল্পত অনুমোদন জনাইছে । দেশৰ ৭ খন ৰাজ্যত এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব । ইয়াত অন্তৰ্ভুক্ত আছে দ্বৈতকৰণকে ধৰি মাল্টি ট্ৰেকিং প্ৰকল্প আছে ।

নেশ্যনেল ডেস্ক,১৭ আগষ্ট : দেশত ৰে'ল বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ । কেন্দ্ৰীয় কেবিনেটে আনুমানিক ৩২,৫০০ কোটি টকা ব্যয়েৰে ৭ টা ৰে'ল প্ৰকল্পত অনুমোদন জনাইছে । এই প্ৰকল্পবোৰে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, তেলেংগানা, ওড়িশা আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহক সামৰি ল'ব । লগতে বৰ্তমানৰ নেটৱৰ্কত ২,৩৩৯ কিলোমিটাৰ যোগ দিয়া হ'ব । ৰাষ্ট্ৰীয় কেবিনেটে বুধবাৰে এই সিদ্ধান্ত লয় ।

কেবিনেট বৈঠকৰ পাছত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত কয় যে এই প্ৰকল্পসমূহৰ ভিতৰত আছে বৰ্তমানৰ দ্বৈত ৰে'লসেৱা আৰু চাৰিগুণ বৃদ্ধি কৰাকে ধৰি অতিৰিক্ত ১২০ নিযুত টন মালবহনৰ বাবে ক্ষমতা নিৰ্মাণত সহায় কৰা । প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু শিক্ষাৰ্থীসকলৰ ভ্ৰমণতো এই প্ৰকল্পই সহায় কৰিব । প্ৰকল্পসমূহৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ পুঁজি লাভ কৰিব । ই দেশৰ মুখ্য ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহকো সংযোগ কৰিব ।

এই প্ৰকল্পবোৰে বৰ্তমানৰ ৰে'ললাইন ক্ষমতা বৃদ্ধি কৰা, ৰে'লৰ পৰিচালনা সুশৃংখল কৰা, ভিৰ হ্ৰাস কৰা আৰু ভ্ৰমণ আৰু পৰিবহণ সহজ কৰাত সহায় কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । প্ৰকল্পবোৰ হৈছে- উত্তৰ প্ৰদেশত বৰ্তমানৰ গোৰখপুৰ কেণ্টনমেণ্ট (বাল্মীকি নগৰ একক লাইন শাখা) আৰু বিহাৰৰ ৬.৬৭৬ কিঃমিঃ (পশ্চিম চম্পাৰণ) ৮৯.২৬৪ কিঃমিঃ দ্বৈতকৰণ । অন্ধ্ৰ প্ৰদেশত (গুন্টুৰ) বৰ্তমানৰ গুন্টুৰ-বিবিনগৰ ছিংগল লাইন শাখা ১ কিলোমিটাৰ আৰু তেলেংগানা (নলগোণ্ডা, য়াদাদৰী ভুৱনাগিৰি) ১৩৯ কিলোমিটাৰ দ্বৈতকৰণ । উত্তৰ প্ৰদেশ (মিৰ্জাপুৰ, সৌনভদ্ৰ) চোপান-চুনাৰ ছিংগল লাইন শাখাক ১০১.৫৮ কিলোমিটাৰ লৈ দ্বৈতকৰণ কৰা ।

মহাৰাষ্ট্ৰৰ মুদখেদ-মেদচল আৰু মহাবুবনগৰ-ধোন শাখাৰ মাজত ৪৯.১৫ কিলোমিটাৰ দ্বৈতকৰণ, তেলেংগানা (নিজামাবাদ, কামাৰেড্ডী, মেডাক, ভানাপাৰ্থী, যোগুলাম্বা, মেডচল-মালকাজগিৰি)ৰ মাজত ২৯৪.৮২ কিঃমিঃ আৰু অন্ধ্ৰ প্ৰদেশ (মহাবুবনগৰ, কুৰনোল আৰু দোনোল)ৰ মাজত ৭৩.৯১ কিঃমিঃ দ্বৈতকৰণ । গুজৰাটৰ চামাখালী আৰু গান্ধীধামৰ মাজৰ দূৰত্ব ৫৩ কিলোমিটাৰতকৈ অধিক দ্বৈতকৰণ ।

তৃতীয় লাইনটো ওড়িশাৰ নেৰগুণ্ডি-বাৰাং আৰু ৰিটেইল ৰোড-বিজয়নগৰম (ভদ্ৰক, জয়পুৰ, খোৰধা, কটক আৰু গঞ্জাম)ৰ মাজত ১৮৪ কিঃমিঃ আৰু অন্ধ্ৰ প্ৰদেশৰ (শ্ৰীকাকুলম, বিজয়নগৰম, বিশাখাপত্তনম) মাজত ২০১ কিঃমিঃ । বিহাৰত ১৩২.৫৭ কিলোমিটাৰ (গয়া, ঔৰঙ্গাবাদ), ঝাৰখণ্ডত ২০১.৬০৮ কিঃমিঃ (ধনবাদ, গিৰিডিহ, হাজৰিবাগ, কোডাৰ্মা) আৰু পশ্চিমবংগত ৪০.৩৫ কিঃমিঃ (পশ্চিম বৰ্ধমান) সোন নগৰ-আন্দাল মাল্টি-ট্ৰেকিং প্ৰকল্প ।

লগতে পঢ়ক :Threat to Ram Jhula Bridge: উত্তৰাখণ্ডত ভূমিস্খলন; জাহ যোৱাৰ উপক্ৰম ঋষিকেশৰ ৰাম ঝুলা দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.