ETV Bharat / bharat

Threat to Ram Jhula Bridge: উত্তৰাখণ্ডত ভূমিস্খলন; জাহ যোৱাৰ উপক্ৰম ঋষিকেশৰ ৰাম ঝুলা দলং

author img

By

Published : Aug 17, 2023, 11:03 AM IST

Updated : Aug 17, 2023, 11:27 AM IST

বিগত কিছুদিন ধৰি উত্তৰাখণ্ডত হৈ থকা বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত ব্যাহত পৰিছে জন-জীৱন ৷ প্ৰতিটো মূহুৰ্ত ভয়-শংকাৰ মাজেৰে পাৰ কৰিছে উত্তৰাখণ্ডবাসীয়ে ৷ ইফালে ঋষিকেশৰ ৰাম ঝুলা দলঙলৈও আহিছে ভাবুকি ৷ কিয়নো দলঙৰ তলত সংঘটিত হৈছে ভূমিস্খলন । ফলত দলঙৰ এটা অংশ জাহ গৈছে । সেই হেতুকে ইতিমধ্যে উত্তৰাখণ্ড প্ৰশাসনে দলংখনৰ ওপৰেৰে চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিছে ৷

Threat to Ram Jhula Bridge
ঋষিকেশৰ ৰাম ঝুলা দলং ভাঙি পৰাৰ আশংকা

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : ঋষিকেশৰ ৰাম ঝুলা দলঙলৈ আহিছে ভাবুকি ৷ যিকোনো মূহুৰ্ততে ৰাম ঝুলা দলংখন ভাঙি পৰাৰ আশংকা কৰিছে ঋষিকেশবাসীয়ে । কিয়নো ৰাম ঝুলা দলঙৰ তলতে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ যাৰ পৰিপ্ৰেক্ষিতত ঋষিকেশ আৰক্ষী তথা প্ৰশাসনে ৰাম ঝুলা দলঙৰ ওপৰত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ।

ঋষিকেশৰ ৰাম ঝুলা দলঙলৈ ভাবুকি :

ঋষিকেশৰ ৰাম ঝুলা দলংখনে কোটি কোটি লোকৰ বিশ্বাসৰ কেন্দ্ৰসমূহৰ সৈতে সংযোগ কৰিছে । এই দলংখনক বিশ্বাসৰ কেন্দ্ৰবিন্দু বুলি অভিহিত কৰিব পাৰি । ৰাম ঝুলা দলং পাৰ হৈ ঋষিকেশৰ গীতা ভৱন, স্বৰ্গ আশ্ৰম, মুনি কি ৰেতী, পৰমৰ্থ নিকেতন আৰু নীলকান্ত মহাদেৱলৈ যাব পাৰি । এই লিংক ৰোডত এতিয়া অবিৰতভাৱে ভূমিস্খলন সংঘটিত হৈ আছে । এই ভূমিস্খলনৰ বাবেই ৰাম ঝুলা দলঙলৈ আহিছে ভাবুকি ।

ৰাম ঝুলা দলঙত যান-বাহনৰ চলাচল বন্ধ :

আজি পুৱাই ৰাম ঝুলা দলঙৰ তলত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ এই ভূমিস্খলনৰ ফলত আৰু অধিক শংকিত হৈ পৰিছে ঋষিকেশবাসী ৷ এই খবৰ লাভ কৰিয়েই তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হয় প্ৰশাসনিক বিষয়াসকল ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাম ঝুলা দলঙৰ ওপৰেৰে চলাচল নিষিদ্ধ কৰিছে প্ৰশাসনে ।

বৰ্তমান সময়ত এই দলঙেৰে অহা-যোৱা কৰাটো সুবিধাজনক নহয় ৷ ইতিমধ্যে দলঙৰ দুয়ো মূৰে মোতায়েন কৰা হৈছে আৰক্ষীক, যাতে এই দলঙেৰে কোনেও যাতায়ত কৰিব নোৱাৰে ৷

১৯৮৬ চনত নিৰ্মিত ৰাম ঝুলা দলং :

১৯৮৬ চনত নিৰ্মাণ কৰা হৈছিল ঋষিকেশৰ ৰাম ঝুলা দলং । ভগৱান ৰামৰ নামত উচৰ্গিত এই দলংখন ক্ৰমাৎ বিশ্বাস আৰু আস্থাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ ৰাম ঝুলা দলং পৰা হৈ বহু ধৰ্মীয় স্থানলৈ যাব পাৰি ৷ এতিয়া দলঙৰ ওপৰেৰে যাতায়ত বন্ধ কৰি দিয়াৰ বাবে পৰ্যটক, স্থানীয় ৰাইজ আৰু তীৰ্থযাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ।

ৰাম ঝুলা দলঙেৰে যাতায়ত বন্ধ হোৱাত হতাশ হৈ পৰিছে পৰ্যটক :

ভাৰত-বিদেশৰ কোটি কোটি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা ৰাম ঝুলা দলংখন বন্ধ কৰি দিয়াৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ আনকি স্থানীয় ৰাইজৰ লগতে পৰ্যটকসকলেও হতাশ হ’ব লগাত পৰিছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত ইতিমধ্যে মুনি কি ৰেতী অঞ্চলৰ ৰাম ঝুলা দলঙৰ এটা অংশ জাহ গৈছে ।

গংগা নদীৰ পানী বঢ়াৰ ফলতে এই ভূমিস্খলন সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে । নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশত ৰাম ঝুলা দলঙেৰে চলাচল কৰাতো বন্ধ কৰি দিয়া হৈছে । ৰাম ঝুলা দলঙেৰে যাতে কোনেও যাব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে বেৰিকেড লগোৱা আৰম্ভ কৰিছে ।

কি ক’লে নৰেন্দ্ৰ নগৰৰ মহকুমাধিপতিগৰাকীয়ে ?

নৰেন্দ্ৰ নগৰৰ মহকুমাধিপতি দেৱেন্দ্ৰ সিং নেগীয়ে কয়, ‘‘পৰ্যটকৰ সুৰক্ষা প্ৰশাসনৰ প্ৰথম অগ্ৰাধিকাৰ । ধাৰাসাৰ বৰষুণৰ ফলত ৰাম ঝুলা দলঙলৈ আহিছে ভাবুকি ৷ ৰাম ঝুলা পৰিদৰ্শনৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে PWD ৰ এটা দল । পৰিদৰ্শনৰ পিচত অভিযন্তাৰ দলটোৱে যি প্ৰতিবেদন দাখিল কৰিব, তাৰে ভিত্তিত ৰাম ঝুলা দলঙৰ গতিবিধি সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব’’ ।

তেওঁ আৰু কয়, ‘‘বৰ্তমান উচ্চপদস্থ বিষয়াসকলকো এই সন্দৰ্ভত অৱগত কৰা হৈছে । স্থানীয় ৰাইজৰ লগতে কোনো পৰ্যটককে উক্ত পথেৰে যাতায়ত কৰাত বাধা প্ৰদান কৰা হৈছে ৷ ইয়াৰ বাবে আৰক্ষীক দায়িত্ব অৰ্পণ কৰা হৈছে’’ ।

লগতে পঢ়ক : Rahul on 2 days visit to Ladakh: দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ ৰাওনা হোৱাৰ সম্ভাৱনা ৰাহুল গান্ধী

Last Updated : Aug 17, 2023, 11:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.