ETV Bharat / state

অসম-মেঘালয় সীমা সমস্যাক লৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ ASDCৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 30, 2022, 9:57 PM IST

Updated : Mar 31, 2022, 6:01 PM IST

press-meet-of-triparty-accord-to-disputed-land-of-assam-meghalaya-border
অসম-মেঘালয় সীমা সমস্যাকলৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ ASDCৰ প্ৰতিক্ৰিয়া

অসম-মেঘালয় সীমা সমস্যাকলৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ বুধবাৰে এএছডিচিয়ে অনুষ্ঠিত কৰে এখনি সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে উক্ত চুক্তি সন্দৰ্ভত এএছডিচিৰ প্ৰতিক্ৰিয়া প্ৰকাশ (ASDC Reaction on tripartite agreement) ৷

ডিফু, ৩০ মাৰ্চ : অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীদ্বয়, ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত অসম-মেঘালয়ৰ বিবাদমান ভূমিকলৈ(Signing of tripartite agreement of Assam-Meghalaya border row) স্বাক্ষৰিত হোৱা চুক্তিকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ৷

উল্লেখযোগ্য যে, মঙলবাৰে সম্পাদিত হোৱা চুক্তিৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত থকা ছটাকৈ বিবাদমান এলেকাৰ সীমা বিবাদৰ স্থায়ী সমাধানৰ লগতে বাকীস্থান সমূহৰো সীমা সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত হোৱা বুলি আশা প্ৰকাশ কৰাৰ সময়তে বুধবাৰে বিয়লি ডিফু এছডিচিৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ সীমা সমস্যা সমাধানৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে এএছডিচি ৷

অসম-মেঘালয় সীমা সমস্যাকলৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ ASDCৰ প্ৰতিক্ৰিয়া

এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে(ASDC president addresses press meet) বুধবাৰে বিয়লি সংবাদমাধ্যমক উদ্দেশ্যি ব্যক্ত কৰা অনুসৰি 'দিয়া-লোৱা' নীতিৰ মাজেৰে দুয়োখন ৰাজ্যৰ মাজত যি সীমা সমস্যা সমাধানৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এএছডিচি দলে এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷

ইতিমধ্যে, সমাধান হোৱা বিবাদমান এলেকাৰ সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে 'দিয়া-লোৱা' নীতি গ্ৰহণ কৰাৰ লগতে বাকী ছটা স্থানৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো দুয়োখন চৰকাৰে অনুৰূপ পদ্ধতি গ্ৰহণ কৰিব বুলি আশংকা প্ৰকাশ কৰি কাৰ্বি আংলঙৰ সীমাৰে সংলগ্ন হৈ থকা সীমান্ত এলেকাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এনে নীতি কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি দলটোৱে দাবী জনায় ৷

সীমা সমসা সমাধানৰ নামত কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও আন ৰাজ্যক এৰি নিদিয়াৰ লগতে আন ৰাজ্যৰ মাটিও কাৰ্বি আংলঙক নালাগে বুলি সংবাদমেলৰ জৰিয়তে দলটোৰ শীৰ্ষনেতাসকলে স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক : বিবাদমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো ঐতিহাসিক দিন : অমিত শ্বাহ

Last Updated :Mar 31, 2022, 6:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.