ETV Bharat / state

ASDC Press Meet: স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত স্বাক্ষৰ সংগ্ৰহ অভিযান এএছডিচিৰ

author img

By

Published : Jan 23, 2023, 2:19 PM IST

কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে এএছডিচি অৰ্থাৎ স্বায়ত্বশাসিত ৰাজ্যিক দাবী কমিটী(Autonomous State Demand Committee ) ৷ এক সংবাদমেলযোগে স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী পূৰণৰ বাবে ২৩ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ১৫ দিনীয়া স্বাক্ষৰ সংগ্ৰহ অভিযানৰ ঘোষণা কৰিছে এএছডিচিয়ে (Signature Drive Campaign) ৷

স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত ২৩ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ স্বাক্ষৰ সংগ্ৰহ ঘোষণা এএছডিচিৰ
ASDC Press Meet For Signature Drive Campaign

২৩ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ স্বাক্ষৰ সংগ্ৰহ অভিযান এএছডিচিৰ

ডিফু, ২২ জানুৱাৰী: কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি সুদীৰ্ঘকাল আন্দোলন চলাই অহা আঞ্চলিক ৰাজনৈতিক দল এএছডিচি অৰ্থাৎ স্বায়ত্বশাসিত ৰাজ্যিক দাবী কমিটী(Autonomous State Demand Committee )স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী পূৰণৰ বাবে ২৩ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ১৫ দিনীয়া স্বাক্ষৰ সংগ্ৰহ অভিযানৰ ঘোষণা কৰিছে ৷ দলটোৰ ডিফুস্থিত মুখ্য কাৰ্যালয়ত শনিবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে সভাপতি তথা প্ৰাক্তন বিধায়ক চন্দকান্ত তেৰাঙে (ASDC Press Meet For Signature Drive Campaign)৷

লগতে সভাপতি তথা প্ৰাক্তন বিধায়ক চন্দকান্ত তেৰাঙে (Former MLA Chandra Kanta Terang ) কয় যে ভাৰতৰ সংবিধানৰ দফা ১০, অনুচ্ছেদ ২৪৪(ক) অনুসৰি অসমক দ্বিখণ্ডিত নকৰাকৈ অসমৰ ভিতৰতে এখন স্বায়ত্ব শাসিত ৰাজ্যৰ বাবে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে যোৱাটো শতিকাৰ ১৯৭০ চনৰ পৰা আন্দোলন চলাই আহিছে ৷ কিন্তু অতি দুৰ্ভাগ্যজনক যে, সংবিধানত উল্লেখ থকাৰ পিছতো পাহাৰীয়া জিলা তিনিখনৰ এই দাবীক কোনো এখন কেন্দ্ৰীয় চৰকাৰেই পূৰণ নকৰিলে ৷ বিগত ৫২ টা বছৰত সংবিধানত থকা এই অনুচ্ছেদ ৰূপায়ণ নকৰিলে ৷

ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন অঞ্চলসমূহক পৃথক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিলে ৷ ইয়াৰ মাজত উত্তৰাখণ্ড, ঝাৰখণ্ড, ছত্তিশগড় আৰু আন ৰাজ্যও গঠন হ'ল ৷

লগতে সভাপতিগৰাকীয়ে ক্ষোভ উজাৰি কয় যে এতিয়া পাহাৰৰ জনসাধাৰণে উপলব্ধি কৰিছে যে কেন্দ্ৰীয় চৰকাৰে 'যাক ভাল পায় তাক তুলি ধৰিলে'৷ কেন্দ্ৰীয় চৰকাৰে ফেভৰাটজিম নীতি গ্ৰহণ কৰিছে ৷ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেও নতুনকৈ ৰাজ্য গঠনৰ বাবে প্ৰস্তুত হোৱা পৰিলক্ষিত হৈছে ৷

কিন্তু তাৰ পিছতো পাহাৰীয়া তিনিখন জিলাত স্বায়ত্ব শাসনৰ বাবে দীৰ্ঘকাল ধৰি বিভিন্ন দল-সংগঠনে আন্দোলন চলাই অহা দাবী আওকান কৰাৰ লগতে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে সংবাদমেলখনত ৷ অচিৰেই এএছডিচি, কেএনচি আৰু কেএছএৰ তৰফৰ পৰা তিনিখন পাৰ্বত্য জিলাৰ সমূহ দল-সংগঠনক বিনম্ৰ ভাৱে ২৩ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হব লগীয়া স্বাক্ষৰ সংগ্ৰহ অভিযানত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ ৭ ফেব্ৰুৱাৰীত এই স্বাক্ষৰ অভিযানৰ লগতে তিনিখন পাৰ্বত্য জিলাবাসীৰ হৈ এখন পত্ৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা হব বুলিও তেৰাঙে সংবাদমেলত উল্লেখ কৰে ৷ এই প্ৰক্ৰিয়াত তিনিখন পাৰ্বত্য জিলাৰ ৰাজনৈতিক দল-সংগঠনক দলীয় মতৰ পৰা উৰ্ধত থাকি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে শেহতীয়াকৈ কমতাপুৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ডক লৈ উত্তৰ পূৰ্বাঞ্চলত দুখন সুকীয়া ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত বিষদভাৱে চৰ্চিত হৈ আছে ৷ এই চৰ্চা চলি থকাৰ মাজতে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাকেইখনৰ দল-সংগঠন সমূহে (Autonomous state) ।

অনুচ্ছেদ ২৪৪ এ-ৰ (Article 244 A) কি ?

The Constitution (Twenty second Amendment) Act, 1969 নামেৰে জনাজাত ভাৰতীয় সংবিধানৰ ২২ তম সংশোধনীৰ জৰিয়তে সংবিধানত নতুন অনুচ্ছেদ ২৪৪ (A) সংযোজন কৰি সংসদক যিকোনো ৰাজ্যৰ ভিতৰত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হয় আৰু লগতে স্বায়ত্তশাসিত ৰাষ্ট্ৰক বিধানসভা বা মন্ত্ৰী পৰিষদ বা দুয়োটাকে সেই আইনৰ দ্বাৰা সংজ্ঞায়িত কৰা ক্ষমতা আৰু কাৰ্য প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ASDC Protest in Diphu: ৰাজ্যৰ পাহাৰীয়া জিলাদুখনক সামৰি স্বায়ত্তশাসিত ৰাজ্য ঘোষণাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.