ETV Bharat / state

ASDC Protest in Diphu: ৰাজ্যৰ পাহাৰীয়া জিলাদুখনক সামৰি স্বায়ত্তশাসিত ৰাজ্য ঘোষণাৰ দাবী

author img

By

Published : Dec 20, 2022, 9:22 PM IST

Parties and organizations demanded declaration of autonomous state in Karbi Anglong and Dima Hasao
ডিফুত এএছডিচি, কেএছএ, কেএনচিএৰ ধৰ্ণা কাৰ্যসূচী

কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাকেইখনৰ দল-সংগঠন । আজি ডিফুস্থিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এএছডিচি, কেএছএ আৰু কেএনচিএৰ নেতা-কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে (ASDC Demanding autonomous state covering hill districts of Assam) ।

ডিফুত এএছডিচি, কেএছএ, কেএনচিএৰ ধৰ্ণা কাৰ্যসূচী

ডিফু, ২০ ডিচেম্বৰ: শেহতীয়াকৈ কমতাপুৰ আৰু ইষ্টাৰ্ণ নাগালেণ্ডক লৈ উত্তৰ পূৰ্বাঞ্চলত দুখন সুকীয়া ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত বিষদভাৱে চৰ্চিত হৈ আছে ৷ এই চৰ্চা চলি থকাৰ মাজতে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাকেইখনৰ দল-সংগঠন সমূহে (Autonomous state) ।

ভাৰতৰ সংবিধানৰ ২৪৪(এ) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত আজি অৰ্থাৎ মঙলবাৰে ডিফুস্থিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এএছডিচি (ASDC), কেএছএ (KSA) আৰু কেএনচিএৰ (KNCA) নেতা-কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (ASDC Protest in Diphu) ।

অনুচ্ছেদ ২৪৪ এ-ৰ (Article 244 A) অৰ্থ কি ?

The Constitution (Twenty second Amendment) Act, 1969 নামেৰে জনাজাত ভাৰতীয় সংবিধানৰ ২২ তম সংশোধনীৰ জৰিয়তে সংবিধানত নতুন অনুচ্ছেদ ২৪৪ (A) সংযোজন কৰি সংসদক যিকোনো ৰাজ্যৰ ভিতৰত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা হয় আৰু লগতে স্বায়ত্তশাসিত ৰাষ্ট্ৰক বিধানসভা বা মন্ত্ৰী পৰিষদ বা দুয়োটাকে সেই আইনৰ দ্বাৰা সংজ্ঞায়িত কৰা ক্ষমতা আৰু কাৰ্য্য প্ৰদান কৰা হয় ।

সেয়েহে ভাৰতৰ এই সংবিধানৰ অধীনত অসমৰ পাহাৰীয়া জিলাকেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত আজি ডিফুত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Karbi Anglong and Dima Hasao district) ৷ এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বেʼকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বক্তাসকলে স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত সৰৱ হৈ পৰা পৰিলক্ষিত হয় (ASDC Demanding autonomous state covering hill districts of Assam) ।

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি ভাৰতীয় সংবিধানৰ ২৪৪(এ) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত বিগত ৩৬ বছৰে পাহাৰীয়া এলেকাটোত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ অব্যাহত আছে ৷ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰা বুলি আক্ষেপ প্ৰকাশ কৰে এএছডিচি দলৰ সভাপতিগৰাকীয়ে । অসমক দ্বিখণ্ডিত নকৰাকৈ অসমৰ ভিতৰতে এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে দল-সংগঠনসমূহে দাবী জনাই অহা বুলিও উল্লেখ কৰিলে তেওঁ ৷

আনহাতে, ইষ্টাৰ্ণ নাগালেণ্ড আৰু কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰি ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ʼযাকেই ভাল পায় তাকেই ৰাজ্য দিয়াʼ নীতিৰ ফলত পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব প্ৰদান নকৰা বুলি উল্লেখ কৰি এনে কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও সভাপতিগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Municipal employees strike : নগাঁৱত পৌৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.