ETV Bharat / state

আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

author img

By

Published : Dec 23, 2020, 9:53 AM IST

Updated : Dec 23, 2020, 10:00 AM IST

অচিৰেই আৰম্ভ হ'ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ছবি "ৰাজনীতি"ৰ কাম ৷ মঙলবাৰে নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰস্থিত বৰলুইত ৰেষ্টোৰাৰ সপ্তম বৰ্ষপূতিত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷

Zubeen Garg Exclusive
আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

গুৱাহাটী,23ডিচেম্বৰঃঅচিৰেই আৰম্ভ হ'ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ছবি "ৰাজনীতি"ৰ কাম ৷ মঙলবাৰে নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰস্থিত বৰলুইত ৰেষ্টোৰাৰ সপ্তম বৰ্ষপূতিত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ ৰেষ্টোৰাত অসমীয়া সুস্বাদু ব্যঞ্জনৰ সোৱাদ লৈ জুবিন গাৰ্গে সংবাদমাধ্যমৰ আগত বহুকেইটা ঘোষণাও কৰে ৷ ভৱিষ্যতে কোনো ৰাজনৈতিক দলৰ হৈ গীত নোগোৱাৰ শপত লোৱা জুবিন গাৰ্গে পুনৰ সক্ৰিয়ভাৱে কা আন্দোলন কৰাৰ কথা ঘোষণা কৰে ৷ তদুপৰি কা আন্দোলনৰ সপক্ষে ছ'চিয়েল মিডিয়াত শক্তিশালী জনমত গঢ়ি তোলাৰ কথাও ক'লে শিল্পীগৰাকীয়ে ৷

আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

উল্লেখ যোগ্য যে,আহিবলগীয়া আগন্তুক ছবি "ৰাজনীতি"ত জুবিন গাৰ্গৰ লগতে থাকিব জনপ্ৰিয় অভিনেতা তপন দাস,মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৷ ছবিখনৰ কাহিনী লিখিছে অভিজিৎ ভট্টাচাৰ্যই ৷ ইয়াৰ লগতে আন এখন আহিবলগীয়া ছবি "ডঃবেজবৰুৱাৰ"ৰ কামত ব্যস্ত থকা জুবিন গাৰ্গে শীঘ্ৰে কেইবাটাও নতুন গান শ্ৰোতা দৰ্শকক উপহাৰ দিব বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃনগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

Last Updated :Dec 23, 2020, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.