ETV Bharat / state

Teachers Day celebrated at a special school: অসম-মেঘালয় সীমান্তৰ এখন বিশেষ বিদ্যালয়ত শিক্ষক দিৱস

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:28 PM IST

আজি শিক্ষক দিৱস । শিক্ষক দিৱসৰ দিনা বিশেষভাৱে চৰ্চা লাভ কৰিছে বকোৰ এখন বিদ্যালয়ে । কেঁচা মাটিত জীৱন গঢ়াৰ আখৰা চলা বিদ্যালয়খনতো আজি উদযাপন কৰা হৈছে শিক্ষক দিৱস । পৰম্পৰাগত সাজ-পোচাকেৰে জিলিকি উঠিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল । এই সন্দৰ্ভত এক প্ৰতিবেদন ।

Teachers Day at a special school in Assam-Meghalaya border
অসম-মেঘালয় সীমান্তৰ এখন বিশেষ বিদ্যালয়ত শিক্ষক দিৱস

অসম-মেঘালয় সীমান্তৰ এখন বিশেষ বিদ্যালয়ত শিক্ষক দিৱস

বকো, ৫ ছেপ্টেম্বৰ: নাই RCC বিল্ডিং, নাই স্মাৰ্ট ক্লাছ ৰুম । তথাপিও বিশেষ । শিক্ষক দিৱসত চৰ্চিত এখন বিদ্যালয় । আজি শিক্ষক দিৱস । দেশৰ লগতে ৰাাজ্যৰ প্ৰতিটো প্ৰান্ততে, প্ৰতিখন শিক্ষানুষ্ঠানতে উদযাপন কৰা হৈছে শিক্ষক দিৱস । পিছে এই বিশেষ দিনটোত আমি লৈ যাব খুজিছো এখন বিশেষ বিদ্যালয়লৈ । এখন ব্যতিক্ৰমী বিদ্যালয়ৰ শিক্ষাৰ পোহৰ বিলোৱা এক প্ৰগতিশীল যাত্ৰাৰ কাহিনী এয়া । শিক্ষক দিবসৰ দিনা গীত-মাতেৰে উজলি উঠিল অসম-মেঘালয় সীমান্তৰ ভিতৰুৱা অঞ্চলৰ এখন বিশেষ বিদ্যালয় ৷

বিদ্যালয়খন কেঁচা, বাহঁ-কাঠেৰেই নিৰ্মিত । অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৯০ কিঃমিং দূৰত অৱস্থিত এখন গাঁও ৷ অসম-মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ গামেৰীমূৰাৰ জয়পুৰ গাঁৱত অৱস্থিত এইখন গাঁও ৷ আজিও গাঁৱৰ শিশুসকল বঞ্চিত প্ৰাথমিক শিক্ষাৰ পোহৰৰ পৰা ৷ আৰ্থিকভাৱে দুৰ্বল অভিভাৱকসকলে সন্তানক পঠিয়াবলৈ অসুবিধা পায় দূৰৰ বিদ্যালয়লৈ ৷ সেয়েহে ওলাই আহিল মানৱ দৰদী এগৰাকী ব্যক্তি । স্থাপন কৰিলে HR Memorial English Academy । তেওঁৰ নাম সুৰেন্দ্ৰ ৰাভা ।

গাঁৱখন এক ন্যাসৰ অধীনত বিদ্যালয়খন স্থাপন কৰি বিনামূলীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰে সুৰেন্দ্ৰ ৰাভাই ৷ সুৰেন্দ্ৰ ৰাভাই বাস কৰে গামেৰীমূৰাৰ জয়পুৰ গাঁৱৰ পৰা প্ৰায় ৩০০ কিঃমিঃ দূৰৈৰ শোণিতপুৰ জিলাৰ বালিপাৰাত । সুৰেন্দ্ৰ ৰাভাৰ পিতৃয়ে অৱসৰৰ পিছত লাভ কৰা ধনৰে ইয়াতেই বিদ্যালয়খন স্থাপন কৰে ৰাজেন ৰাভাই ৷ নিজৰ লগতে শুভাকাংক্ষীৰ ধনেৰে এতিয়া বিদ্যালয়খন পৰিচালনা কৰি আহিছে তেওঁ ।

এইখন বিদ্য়ালয়তে শিক্ষাৰ্থীসকলৰ উজ্জল বৰণীয়া জনগোষ্ঠীয় সাজ-পাৰেৰে জিলিকি উঠিছে আজি বিদ্যালয় প্ৰাংগন । তেওঁৰ পিতৃৰ ওপজা গাঁও আছিল এই জয়পুৰ গাঁওখন। বহু দশক পাৰ হৈ গ’ল যদিও শিক্ষা লাভৰ পৰিৱেশ সলনি নহ’ল গাঁওখনত । সেয়ে সুৰেন্দ্ৰ ৰাভাৰ পিতৃ হাবিৰাম ৰাভাৰ ইচ্ছা আছিল যে তাত এখন বিদ্যালয় হওক নৱ প্ৰজন্মৰ বাবে, য’ত বিনামূলীয়া হ’ব শিক্ষা গ্ৰহণ ৷

সেয়ে এসময়ত ভাৰতীয় সেনাবাহিনীত কাম কৰা পিতৃৰ চাকৰিৰ অৱসৰৰ ধনেৰে ইয়াত বিদ্যালয় স্থাপন কৰি নিজকে উৎসৰ্গা কৰিলে সুৰেন্দ্ৰ ৰাভা নামৰ ব্যক্তিজনে ৷ ২০১৬ চনত স্থাপিত মেঘালয়-সীমান্তৱৰ্তী HR Memorial English Academy নামৰ পিতৃৰ ওপজা গাঁৱৰ এই বিদ্যালয়খনত এতিয়া বিনাবেতনে শিক্ষাদান কৰে সুৰেন্দ্ৰই ৷ বকোৰ মেঘালয় সীমান্তৱৰ্তী জয়পুৰত স্থাপিত এই বিদ্যালয়খন পৰিচালনাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু শুভাকাংক্ষী সকল । এতিয়া শুভাকাংক্ষীৰ বৰঙণিৰেই চলা বিদ্যালয়খনে পিছপৰা অঞ্চলটোৰ আৰ্থিকভাৱে অসমৰ্থ পৰিয়ালৰ বাবে আশাৰ সঞ্চাৰ কৰিছে ।

কেৱল অসমৰে নহয়, অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এতিয়া শিক্ষাৰ্থীও এই বিদ্যালয়লৈ আহে অধ্যয়ন কৰিবলৈ ৷ অনগ্ৰসৰ অঞ্চলটোত শিক্ষাদানেনে সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিছে সুৰেন্দ্ৰ ৰাভাই ৷ ৰং-বিৰঙৰ স্ব-জনগোষ্ঠীয় সাজ-পাৰেৰে আৰু গীত-মাতেৰে উজলি উঠিছে বিদ্যালয়খনৰ চৌহদ ৷ সকলোৰে আাশা-উজ্বল বৰণীয়া সাজবোৰৰ দৰেই উজলি উঠিব এইসকল শিক্ষাৰ্থী আৰু বিদ্যালয়খন ৷

লগতে পঢ়ক: Bhaona workshop in Kaliabor: চোৰধৰা ঝুমুৰাৰ আখৰাত ব্যস্ত এজাক শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.