Bhaona workshop in Kaliabor: চোৰধৰা ঝুমুৰাৰ আখৰাত ব্যস্ত এজাক শিশু

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:56 PM IST

thumbnail

কলিয়াবৰ,৫ ছেপ্টেম্বৰ: পৱিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে । হৰিনামৰ ধ্বনি, খোল-তালৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত । ইয়াৰ মাজতে কলিয়াবৰত দেখা গ'ল এক মনোৰম পৰিৱেশ । শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত চোৰধৰা ঝুমুৰাৰ আখৰাত ব্যস্ত হৈ পৰিছে একাংশ শিশু, কিশোৰ-কিশোৰী ।  

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উদ্যোগত কলিয়াবৰ জিলা শাখাৰ ব্যৱস্থাপনাত দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ দাৰিগজীস্থিত শঙ্কৰী সংস্কৃতি কেন্দ্ৰত ৫ আৰু ৬ চেপ্তেম্বৰ তাৰিখে কেন্দ্ৰীয় শিশু কল্যাণ দিৱস উদযাপন হ'ব । কেন্দ্ৰীয় শিশু কল্যাণ দিৱসৰ কাৰণে ব্যতিক্ৰমীভাৱে প্ৰস্তুতি চলোৱা দেখা গৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ শঙ্কৰী সংস্কৃতি কেন্দ্ৰত ।  

শিশুসকলৰ দ্বাৰা হ'ব লগা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আখৰা তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত চোৰ ধৰা ঝুমুৰাৰ আখৰাত ব্যস্ত দেখা গ'ল কণ কণ শিশুসকলক । ৫ আৰু ৬ চেপ্তেম্বৰ তাৰিখে হ'ব লগা কেন্দ্ৰীয় শিশু কল্যাণ দিৱসৰ সমূহ অনুস্থানত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে আদৰণি সমিতিয়ে ।  

লগতে পঢ়ক: Bihpuria Women innovative step: উৎকট গৰমৰ মাজতো মহিলাসকল ব্যস্ত পথ চাফ-চিকুণ কৰাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.