ETV Bharat / state

মেট্ৰিকৰ ফলাফল সন্দৰ্ভত কি ক'লে ছেবাৰ সচিবে ?

author img

By

Published : Jul 30, 2021, 5:04 PM IST

as_ghy_03_seba_secretary_pc_7206058
মেট্ৰিকৰ ফলাফল সন্দৰ্ভত কি ক'লে ছেবাৰ সচিবে ?

বহু বিতৰ্কৰ অন্তত শুকুৰবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবাৰ মেট্ৰিকত উৰ্ত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ ৷ ফলাফল ঘোষণাৰ পিচতেই সংবাদমেল সম্বোধন কৰিলে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ৷

গুৱাহাটী, 30 জুলাই : বহু বাদানুবাদ আৰু দুঃচিন্তাৰ অন্তত 30 জুলাই অৰ্থাৎ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ এইবেলি পৰীক্ষাৰ ফলাফলে পৰীক্ষাৰ্থী আৰু অভিভাৱক উভয়কে নিশ্চয় সন্তুষ্ট কৰিব পাৰিছে বুলি আশা ব্যক্ত কৰিছে ‘ছেবা’ কৰ্তৃপক্ষই ৷ বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ৱেবছাইটযোগে ফলাফল ঘোষণাৰ পিছতে ছেবাৰ কাৰ্যালয়ত এখন সংবাদমেলত ভাগ লয় "ছেবা" (SEBA)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ।

মেট্ৰিকৰ ফলাফল সন্দৰ্ভত কি ক'লে ছেবাৰ সচিবে ?

সংবাদমেলত তেওঁ কয় যে, মাত্ৰ পশিছ দিনৰ ভিতৰতে অত্যন্ত কষ্টৰ মাজেৰে এই ফলাফল প্ৰস্তুত কৰি উলিওৱা হৈছে । এইবাৰৰ মূল্যায়ন পদ্ধতিক লৈ বিভিন্ন ধৰণৰ সন্দেহ-আশংকাৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত সকলো সুকলমেই সম্পন্ন হয় । পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া বিশেষ সমিতিয়ে নিৰ্দ্ধাৰণ কৰি দিয়া মূল্যায়নৰ পদ্ধতিয়েই অৱলম্বন কৰা হৈছে ।

এই ফলাফলক লৈ সন্দেহৰ কোনো অৱকাশ থাকিব নালাগে বুলি মন্তব্য ছেবাৰ সচিবগৰাকীৰ ৷

লগতে পঢ়ক- নপতা মেট্ৰিকৰ ফলাফল ঘোষণা : উৰ্ত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

ইয়াৰ উপৰিও জিলা সমিতিসমূহে পৰীক্ষাৰ ফলাফলৰ মূল্যায়নৰ ক্ষেত্ৰত কোনো হস্তক্ষেপ কৰিব নোৱাৰে ৷ এই কৰ্তৃত্ব কেৱল বিদ্যালয় সমূহৰ হাততহে ন্যস্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে । যদিহে ঘোষিত ফলাফলক লৈ কোনো শিক্ষাৰ্থী সন্তুষ্ট নহয় তেন্তে তেওঁলোকে "ছেবা"ই অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব । ইয়াৰ বাবে ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ "ছেবা"ই এক পৰ্টেল মুকলি কৰিব আৰু সেই পৰ্টেলতে সেইসকল পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

উল্লেখ্য যে, এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC) অৱতীৰ্ণ হ’বলৈ মুঠ 4,26,553 গৰাকী পৰীক্ষাৰ্থীয়ে আৱেদন(candidate applied for) জনাইছিল ৷ ইয়াৰে 3,97,132 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ 93.10 শতাংশ ৷ উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত 92.90 শতাংশ ছাত্ৰী হোৱাৰ বিপৰীতে 93.34 শতাংশ ছাত্ৰ ৷

ইয়াৰে মুঠ 88,521 গৰাকী ছাত্ৰ-ছাত্ৰী এইবেলি প্ৰথম বিভাগ (first division)ত উত্তীৰ্ণ হৈছে ৷ দ্বিতীয় বিভাগ (second division)ত উত্তীৰ্ণ হৈছে 1,60,298 গৰাকী পৰীক্ষাৰ্থী ৷ আনহাতে, তৃতীয় বিভাগ (third division)ত উত্তীৰ্ণ হৈছে মুঠ 148313 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

পৰীক্ষাৰ ফলাফলত এইবাৰ কোনোধৰণৰ স্থান প্ৰাপকৰ ব্যৱস্থা কৰা নাই ছেবাই (SEBA) ৷ ইয়াৰ বিপৰীতে কৰা হৈছে কেৱল ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংছনৰ ব্যৱস্থা । সেই অনুসৰি সৰ্বমুঠ ৫১০ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক ডিষ্টিংছন আৰু ৪৫০ বা ততোধিক নম্বৰ লাভ কৰাসকলক ষ্টাৰ মাৰ্কৰ অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক- মেট্ৰিকৰ ফলাফল : স্থান প্ৰাপক নোহোৱাকৈ ত্ৰিশ সহস্ৰাধিকে পালে ষ্টাৰ-ডিষ্টিংছন

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছন লাভ কৰিছে মুঠ ১০,৩৪৮ গৰাকী শিক্ষাৰ্থীয়ে আৰু ষ্টাৰ মাৰ্ক লাভ কৰিছে মুঠ ২০,০৯২ গৰাকী শিক্ষাৰ্থীয়ে ৷ডিষ্টিংছন লাভ কৰা ছাত্ৰৰ সংখ্যা ৪,৭৯৭ গৰাকী ইয়াৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হৈছে ৫,৫৫১ গৰাকী । একেদৰে ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰৰ সংখ্যা হৈছে ৯,৩৩৪ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা হৈছে ১০, ৭৫৮ গৰাকী ।

মুঠ 14 টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ এই ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট (Marksheet) ডাউনলোড (Download) কৰি ল’ব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ইয়াৰে ভিতৰত কেইটামান ৱেবচাইট হ’ল- sebaonline.org, resutassam.nic.in, exametc.com, results.net, vidyavission.com, indiaresult.com, assamresults.in, jagaranjosh.com, schools9.com, assamjobalert.com, ahsec.assam.govt.in আৰু necarrier.com ৷

ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ মূল্যাংকনৰ পদ্ধতি(marking system) সলনি হোৱাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা সংক্ৰান্তীয় বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবা(SEBA) কৰ্তৃপক্ষই আলোচনা কৰি নিৰ্ণয় কৰা পদ্ধতি মতে অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক- মেট্ৰিকৰ ফলাফল : 99.40 শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.