মেট্ৰিকৰ ফলাফল : 99.40 শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ জিলা

By

Published : Jul 30, 2021, 1:30 PM IST

thumbnail
()

অৱশেষত, 30 জুলাই শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ ৷ মুঠ 14 টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ ৱেবচাইটৰ পৰাই মাৰ্কশ্বীট সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 99.40% শতাংশৰে প্ৰথম স্থান দখল বিশ্বনাথ জিলাৰ মুঠ 9809 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ তাৰ ভিতৰত 1836 গৰাকী প্ৰথম বিভাগত, 4590 গৰাকী দ্বিতীয় বিভাগত আৰু 3324 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । আনহাতে অসমৰ উত্তীৰ্ণ হাৰ 93.10 শতাংশ ৷ ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ মূল্যাংকনৰ পদ্ধতি(marking system) সলনি হোৱাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা সংক্ৰান্তীয় বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ বিভিন্ন দল সংগঠন আৰু শিক্ষাবিদৰ সৈতে চৰকাৰ তথা ছেবা(SEBA) কৰ্তৃপক্ষই আলোচনা কৰি নিৰ্ণয় কৰা পদ্ধতি মতে অৱশেষত পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ বিকল্প মূল্যাংকনৰ পদ্ধতিৰে এইবাৰৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.