ETV Bharat / state

ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

author img

By

Published : Jun 23, 2021, 10:53 PM IST

hslc exam high level committee meeting at guwahati
ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

শিক্ষানুষ্ঠানৰ তথ্যৰ ওপৰত মূল্যায়ন কৰা হ’ব পৰীক্ষাৰ নম্বৰ । ইতিমধ্যে সকলো তথ্য সংগ্ৰহ কৰা হৈছে । আজিৰ বৈঠকত সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা নহ'লে বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হ'ব বৈঠক ।

গুৱাহাটী,২৩ জুন : হাইস্কুল শিক্ষান্ত(HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ পাছত ৰাজ্য চৰকাৰে পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে গঠন কৰিছিল দুখনকৈ উচ্চস্তৰীয় কমিটি । মঙলবাৰে উচ্চতৰ মাধ্যমিক (HS)ৰ মূল্যায়নক লৈ গঠন হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ পাছত বুধবাৰে হাইস্কুল শিক্ষান্ত(HSLC) পৰীক্ষাৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ৰ প্ৰাক্তন উপাচাৰ্য ড০ অলক বুঢ়াগোঁহাইক অধ্যক্ষ হিচাপে লৈ গঠিত ৯ জনীয়া কমিটিখনে বুধবাবে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (SEBA)ৰ কাৰ্যালয়ত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে ।

ইতিমধ্যে ছেবা (SEBA) আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইয়াৰ সকলো বিদ্যালয়, মহাবিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে লাভ কৰা নম্বৰসমূহ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে । কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS)ৰ ফলাফল ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে লাভ কৰা নম্বৰৰ ওপৰতেই ভিত্তি কৰি প্ৰদান কৰা হ’ব । ছেবা (SEBA)ৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।

আলোচনা মৰ্মে শিক্ষানুষ্ঠানৰ তথ্যৰ ওপৰত মূল্যায়ন কৰা হ’ব পৰীক্ষাৰ নম্বৰ । ইতিমধ্যে সকলো তথ্য সংগ্ৰহ কৰা হৈছে । অৱশ্যে আজিৰ বৈঠকত কোনো ধৰণৰ চূড়ান্ত প্ৰক্ৰিয়া হোৱা নাই ।

hslc exam high level committee meeting at guwahati
ছেবাৰ কাৰ্যালয়ত পৰীক্ষাৰ মূল্যায়নক লৈ উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

বৈঠকত সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা নহ'লে বাবে বৃহস্পতিবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ'ব । হাইস্কুল শিক্ষান্ত (HS) আৰু হাই মাদ্ৰাছা (High Madrasah) পৰীক্ষা কিদৰে মূল্যায়ন হ’ব তাৰ নিশ্চয়তা প্ৰকাশ নকৰিলে উচ্চস্তৰীয় কমিটিয়ে । যাৰ বাবেই বৃস্পতিবাৰে পুনৰ হ'ব বৈঠক । বৈঠকৰ অন্তত কমিটিৰ সদস্যই ছাত্ৰ ছাত্ৰীসকলৰ পূৰ্বৰ পৰীক্ষাত পোৱা নম্বৰৰ ওপৰতে মূল্যায়ন কৰা হ'ব বুলি সদৰি কৰে ।

আনহাতে কমিটিয়ে সাত দিনৰ ভিতৰতে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে । কমিটীৰ অধ্যক্ষ ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে জনোৱা মতে বৈজ্ঞানিক আৰু তথ্যভিত্তিক হ’ব মূল্যায়ন পদ্ধতি । তদুপৰি বস্তুনিষ্ঠ হ’ব ৰূপৰেখা আৰু প্ৰতিবেদন সময়মতে দাখিল কৰা হ’ব ।

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু হাই মাদ্ৰাছা (High Madrasah) পৰীক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ৰ প্ৰাক্তন উপাচাৰ্য ড০ অলক বুঢ়াগোঁহাইৰ অধ্যক্ষতাত গঠিত কমিটিখনত সদস্য হিচাপে আছে ছেবা (SEBA)ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, মাধ্যমিক শিক্ষাৰ উপ-সচিব এছ এন দাস, গুৱাহাটী মহানগৰীৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা, ধুবুৰীৰ কছুখানা হাইস্কুলৰ অধ্যক্ষ ৰঞ্জিত দাম, কোকৰাঝাৰৰ জাৰাগুৰি হাইস্কুলৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি ।

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.