ETV Bharat / state

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজক

author img

By

Published : Jun 10, 2022, 8:37 PM IST

ৰাজ্যৰ বাট-পথৰ উন্নয়ণৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে(Bad road conditions) । পথ নে পুখুৰী ধৰিবই নোৱাৰি । পথৰ মাজত সৃষ্টি হোৱা গাঁতসমূহ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে সাধাৰণ জনতা । ৰঙিয়াতো এটা পথে সাধাৰণ ৰাইজক খুৱাইছে জ্বলা-কলা ।

Road conditions have troubled an area in Rangia
পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজক

ৰঙিয়া,১০ জুন: এটা পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰঙিয়াৰ এটা অঞ্চলৰ লোকে (Bad condition of road in Rangia) । ৰঙিয়া হাইৱেৰ পৰা ৰঙিয়া কলেজৰ সন্মুখেৰে পাৰহৈ হাজোলৈ যোৱা পথচোৱাৰ বাবে এতিয়া বিপাঙত পৰিছে অঞ্চলবাসী । পথটোৰ ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰৰ পথচোৱা মেৰামতি নোহোৱাৰ ফলত ব্যৱহাৰৰ অনুপযুক্ত হোৱাপ লগতে পথচোৱা একেবাৰে দ খাৱৈত পৰিণত হোৱাৰ ফলত সেই পথেৰে নিতৌ যাত্ৰা কৰা যাত্ৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে এইটো পথৰ দাঁতিতেই কেইটাও অনুষ্ঠানৰ লগতে আছে ৰঙিয়াৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ৰঙিয়া মহাবিদ্যালয় আৰু ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় । উক্ত পথটোৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয়লৈ বহু সংখ্যক ৰোগী অহা যোৱা কৰে । কিন্তু এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হোৱা পথচোৱাৰে পাৰ হ'বলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় যাত্ৰী সকলে ।

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজক

ইয়াৰ উপৰিও লেটেৰা পানীৰ বাবে পানীৰ তলচোৱা সমান নে দ' গাঁত হৈ আছে সেয়া ধৰিব নোৱাৰা হয় । যাৰ ফলত চাৰিচকীয়া বাহনৰ লগতে ই-ৰিক্সাসমূহ আৰু দুচকীয়া বাহনসমূহৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সৃষ্টি হয় । পথছোৱাৰ দুৰৱস্থাৰ বাবে সেই স্থানত কেইবাটাও দুৰ্ঘটনাও সংঘটিত হোৱাৰ কথা জনালে স্থানীয় ৰাইজ । সেয়েহে অতিশীঘ্ৰে পথচোৱা মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে(Local people demand repair of damaged road)।

লগতে পঢ়ক: ব্ৰডগজ লৈ কেন্দ্ৰ ৰেলব’ৰ্ড আৰু ৰেলৰ নিৰ্মাণ শাখাক জাননী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.