ETV Bharat / state

ব্ৰডগজ লৈ কেন্দ্ৰ ৰেলব’ৰ্ড আৰু ৰেলৰ নিৰ্মাণ শাখাক জাননী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jun 10, 2022, 2:19 PM IST

জাননী জাৰি উচ্চ ন্যায়ালয়ৰ
জাননী জাৰি উচ্চ ন্যায়ালয়ৰ।

ব্ৰডগজ নিৰ্মানত বিয়াগোম কেলেংকাৰীৰ অভিযোগ ৷ বৃহস্পতিবাৰে ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰে'ল মন্ত্ৰালয়ৰ সচিব, ৰে'লৱে বৰ্ডৰ চেয়াৰমেন আৰু উত্তৰ পূব সীমান্ত ৰে'লৰ নিৰ্মান শাখাৰ জেনেৰেল মেনেজাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অস্থায়ী প্ৰধান বিচাৰপতি এন কোটিশ্বৰ সিংহ আৰু বিচাৰপতি সৌমিত্ৰ শইকীয়াৰ ডিভিজন বেঞ্চে জাননী জাৰি কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিও পক্ষকে চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে (Guwahati High Court notifies Railway Department of Government of India) ৷

ডিমা হাছাও, 10 জুন : ডিমা হাছাওত ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বানৰ তাণ্ডৱত লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ ব্যাপক ক্ষতিসাধন ঘটে (Landslide in Dima Hasao) ৷ ইয়াৰ ফলত যোৱা 14 মে’ ৰ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথ বন্ধ হৈ আছে (Train services disrupted in Dima Hasao) ৷ এই বিপৰ্যয়ৰ মূলতঃ ৰে'ল বিভাগক দায়ী কৰি জনস্বাৰ্থৰ পৰিপ্ৰেক্ষিতত সদৌ বৰাক ছাত্ৰ সন্থাৰ মুখ্য আহ্বায়ক বাহাৰুল ইছলাম বৰভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ (42/2022) ৰুজু কৰে ৷

এই গোচৰৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰে'ল মন্ত্ৰালয়ৰ সচিব, ৰে'লৱে বৰ্ডৰ চেয়াৰমেন আৰু উত্তৰ পূব সীমান্ত ৰে'লৰ নিৰ্মান শাখাৰ জেনেৰেল মেনেজাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অস্থায়ী প্ৰধান বিচাৰপতি এন কোটিশ্বৰ সিংহ আৰু বিচাৰপতি সৌমিত্ৰ শইকীয়াৰ ডিভিজন বেঞ্চে জাননী জাৰি কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিও পক্ষকে চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে (Guwahati High Court notifies Railway Department of Government of India) ৷

বাহাৰুল ইছলাম বৰভূঞাই দাখিল কৰা পি আই এলত উল্লেখ কৰা অনুসৰি 1996-97 চনত মিটাৰগজ ৰে'লপথক ব্ৰডগজত ৰূপান্তৰিত কৰাৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল ৷ 2004 চনত এই প্ৰকল্পক জাতীয় প্ৰকল্প হিচাপেও ঘোষণা কৰা হৈছিল ৷ এই ব্ৰডগজ নিৰ্মান কাম চলি থকাৰ সময়ত প্ৰিন্সিপাল ডিৰেক্টৰ অব অডিট ৰিপোৰ্টত জনাইছিল যে ৰে'লৱে পথটোত জিঅ' টেকনিকেল পৰিস্থিতি সমীক্ষা কৰা হোৱা নাই ৷

জাননী জাৰি উচ্চ ন্যায়ালয়ৰ।
জাননী জাৰি উচ্চ ন্যায়ালয়ৰ।

ইয়াৰ উপৰি চি আৰ এছ পৰিদৰ্শন কৰিবলৈ আহি কমিচনাৰ অব ৰে'লৱে চেফটি সুদৰ্শন নায়কে এই ৰে'লপথটোৰ নিৰ্মান কাৰ্যৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল ৷ এই ৰিপোৰ্টত ৰে'লপথটো যাত্ৰীবাহী ৰে'ল চলাচলৰ বাবে উপযোগী নহয় বুলি আৰু যিকোনো মুহূৰ্তত এই ৰেলপথটো বিধস্ত হব পাৰে বুলি উল্লেখ কৰিা হৈছিল ৷ কিন্তু 1989 চনৰ ৰে'লৱে আইনৰ 22 (1) ধাৰাক উপেক্ষা কৰি এই পথেৰে ৰে'ল চলাচল আৰম্ভ কৰা হৈছিল ৷ শেহতীয়াকৈ বিধ্বস্ত পৰিৱেশৰ পিছতেই লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ বিপৰ্যয়ৰ বাবে ৰে'ল প্ৰশাসনক দায়ী কৰি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছিল ৷ সম্প্ৰতি উচ্চ ন্যায়ালয়ে অচিৰেই এই গোচৰৰ ওপৰত ভিত্তি কৰি তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিছে ৷

লগতে চাওক : Landslide in Dima Hasao : লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত পুনৰ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.