ETV Bharat / state

ৰঙিয়াত MACT কেলেংকাৰীঃ আটক দুই অধিবক্তাসহ ৬ জন

author img

By

Published : Oct 17, 2020, 7:15 PM IST

দুৰ্ঘটনাটোত ৰঙিয়া থানাৰ যিটো গোচৰ নম্বৰ দেখুওৱা হৈছিল সেয়া আছিল ৰঙিয়া থানাৰ নাবালিকাক যৌন নিৰ্যাতনৰ গোচৰ । ইয়াৰ পিছতে ৰঙিয়া আৰক্ষীয়ে অতি তৎপৰতাৰে প্ৰথমে চক্ৰটোৰ দুগৰাকী অধিবক্তা, বীমা কোম্পানীৰ এজন এজেন্ট আৰু এজন গাড়ী চালকক আটক কৰে ।

rangiya-mact-scam
ৰঙিয়াত MACT কেলেংকাৰী, আটক দুই অধিবক্তাসহ ৬ জন

ৰঙিয়া, 17 অক্টোবৰ : ৰঙিয়াত সংঘটিত হৈছে এম এ চি টি কেলেংকাৰী । জালিয়াতিৰে বীমাৰ ধন সৰকোৱা এটা চক্ৰক কৰায়ত্ব কৰে আৰক্ষীয়ে । দুই অধিবক্তাসহ ৬ জন অভিযুক্তক আটক কৰে আৰক্ষীয়ে । ধৃত চক্ৰটোৱে ভুৱা গোচৰৰ নামত মটৰ দুৰ্ঘটনাৰ বীমাৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে সৰকোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ধৃত অভিযুক্ত কেইজন হৈছে ক্ৰমে দুই অধিবক্তা ধৰিত্ৰী তালুকদাৰ আৰু নিলীমা ভট্টাচাৰ্য , গাড়ী চালক উমেশ বড়ো , বীমা কোম্পানীৰ দুই এজেন্ট তপন কলিতা আৰু হেমন্ত দাস আৰু বীমা কোম্পানীৰ তদন্তকাৰী বিষয়া দীনেশ হালৈ ।

rangiya-mact-scam
ৰঙিয়াত MACT কেলেংকাৰী, আটক দুই অধিবক্তাসহ ৬ জন

এই সন্দৰ্ভত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শ‌ইকীয়াই ৰঙিয়া থানাত এক সংবাদমেল যোগে জানিবলৈ দি কয় যে, ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ক্ষেত্ৰীয় প্ৰৱন্ধকে যোৱা ১৩ অক্টোবৰত ভুৱা MACT গোচৰৰ দ্বাৰা বীমাৰ ধন সৰকোৱাৰ চেষ্টা কৰা বুলি গোচৰ তৰিছিল । জালিয়াতিৰে Motor accident claims tribunal (MACT)ৰ জৰিয়তে বীমাৰ ধন সৰকোৱাৰ চেষ্টা চলাইছিল বৃহৎ চক্ৰ এটাই । আৰক্ষীয়ে তদন্ত কৰাত বীমাৰ গোচৰটোত MACT ৰ ভুৱা চীল-মোহৰ, ৰঙিয়া আৰু কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, উপ পৰিদৰ্শক, চিকিৎসককে ধৰি সকলোৰে চহী জাল কৰি নথি-পত্ৰ প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহে । লগতে আৰক্ষীয়ে ভুৱা চাৰ্জছিট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও অভিযুক্তৰ পৰা এখন ইন'ভা আৰু এখন ছুইফট্ ডিজায়াৰ গাড়ী জব্দ কৰে ।

rangiya-mact-scam
ৰঙিয়াত MACT কেলেংকাৰী, আটক দুই অধিবক্তাসহ ৬ জন

উল্লেখ্য যে, দুৰ্ঘটনাটোত ৰঙিয়া থানাৰ যিটো গোচৰ নম্বৰ দেখুওৱা হৈছিল সেয়া আছিল ৰঙিয়া থানাৰ নাবালিকাক যৌন নিৰ্যাতনৰ গোচৰ । ইয়াৰ পিছতে ৰঙিয়া আৰক্ষীয়ে অতি তৎপৰতাৰে প্ৰথমে চক্ৰটোৰ দুগৰাকী অধিবক্তা, বীমা কোম্পানীৰ এজন এজেন্ট আৰু এজন গাড়ী চালকক আটক কৰে । ইয়াৰ পিছত আৰক্ষীয়ে অভিযান চলাই বীমা কোম্পানীটোৰ তদন্তকাৰী বিষয়া আৰু আন এজন এজেন্টক আটক কৰে ।
লগতে পঢ়ক: বৰপেটাত চাঞ্চল্যকৰ অপৰণকাণ্ড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.