ETV Bharat / state

Rangia robbery case : ৰঙিয়াৰ হীৰাগাটাৰ নাটকীয় ডকাইতি ঘটনাৰ নতুন মোৰ

author img

By

Published : Jun 22, 2023, 7:46 PM IST

Rangia robbery case
ব্যক্তিগত কাজিয়াক দিন ডকাইতি কাণ্ড সজোৱাৰ চেষ্টা

ৰঙিয়াৰ হীৰাগাটাৰ ডকাইতি ঘটনাৰ নতুন মোৰ ৷ ইতিমধ্যে ডকাইতিৰ ঘটনাৰ অভিযুক্ত ৰঙিয়াৰ গোঁসাই শ'লমাৰী ৰাজু আলীক আটক কৰিছে আৰক্ষীয়ে ৷ লগতে নিজকে ভুক্তভোগী হিচাপে জাহিৰ কৰি আৰক্ষী তথা সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰা ৰেকিবুদ্দিন আহমেদকো আৰক্ষীয়ে আটক কৰে ৷

ডকাইতি ঘটনাৰ নতুন মোৰ

ৰঙিয়া, 22 জুন: ৰঙিয়াৰ হীৰাগাটাৰ ডকাইতি ঘটনাৰ নতুন মোৰ ৷ অভিযোগকাৰী ৰেকিবৰ ঘৰত হোৱা নাছিল কোনো গুলিচালনাৰ ঘটনা , ডকাইতে নিয়া নাছিল দহ লাখ টকা ৷ এই কথা এজাহাৰত উল্লেখ কৰিছে ৰেকিব আলীৰ পিতৃ জাহান আলীয়ে ৷ আৰক্ষীৰ অনুসন্ধানত ওলাইছে চাঞ্চল্যকৰ তথ্য ৷ অভিযুক্ত ৰাজু আলী আৰু অভিযোগকাৰী ৰেকিব আলীৰ মাজত টকাৰ লেনদেনক লৈ চলি আছিল ব্যক্তিগত সংঘাত ৷ মঙলবাৰে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ পাচত ৰঙিয়া থানালৈ আহি দুয়োজনে আপোচ মীমাংসাও কৰিছিল ৷

কিন্তু বুধবাৰে ৰাজু আলীয়ে লগৰীয়াক লৈ ৰেকিব আলিৰ ঘৰত পুনৰ কাজিয়াত লিপ্ত হোৱাৰ পাছত ৰেকিব আলিয়ে গুলিচালনা হোৱা আৰু দহ লাখ টকা লুট কৰি নিয়া বুলি ভুৱা প্ৰচাৰ কৰি সমগ্ৰ ঘটনাটো বিপথে পৰিচালনা কৰিছিল ৷ ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে ৰঙিয়া থানাত অভিযোগকাৰীয়ে দিয়া এজাহাৰত গুলিয়াগুলি আৰু টকা লুট কৰি নিয়াৰ বিষয়ে কোনো উল্লেখ কৰা নাই ৷

ইতিমধ্যে ডকাইতিৰ ঘটনাৰ অভিযুক্ত ৰঙিয়াৰ গোঁসাই শ'লমাৰী ৰাজু আলীক আটক কৰিছে আৰক্ষীয়ে ৷ লগতে শূণ্যলৈ গুলি চালনা কৰি দহ লাখ টকা ডকাইতি কৰা বুলি কৈ নিজকে ভুক্তভোগী হিচাপে জাহিৰ কৰি আৰক্ষী তথা সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰা হীৰাগাটাৰ ৰেকিবুদ্দিন আহমেদকো আৰক্ষীয়ে আটক কৰে ৷ এদিন পূৰ্বে ৰাজু আলীয়ে হীৰাগাটাৰ ৰেকিবুদ্দিন আহমেদৰ ঘৰত গৈ দুৱাৰ-খিৰিকী ভঙাৰ লগতে শূণ্যলৈ গুলি চালনা কৰি লুটপাত চলোৱা বুলি অভিযোগ কৰি ৰেকিবুদ্দিনে গোচৰ তৰিছিল ৷ পিছত আৰক্ষীয়ে অনুসন্ধান কৰি ৰেকিবুদ্দিনে সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰা বুলি নিশ্চিত হয় ৷

ব্যক্তিগত কাজিয়াক দিন ডকাইতি কাণ্ড সজোৱাৰ লগতে ৰাজু আলীয়ে গুলি চালনা কৰা বুলি মিছাৰ আশ্ৰয় লৈ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰে ৰেকিবুদ্দিনে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত কৰি অভিযান চলাই ৰাজু আলীক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে ব্যক্তিগত কাজিয়াক গুলি চালনা কৰি ডকাইতিৰ ঘটনা বুলি বিপথে পৰিচালিত কৰা ৰেকিবুদ্দিনকো আৰক্ষীয়ে আটক কৰিছে ৷

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে বিষয়টো সন্দৰ্ভত কয় যে ৰেকিব আলীৰ পিতৃ জাহান আলীয়ে দিয়া এজাহাৰত গুলিচালনা তথা ডকাইতিৰ কথা উল্লেখ কৰা নাই ৷ অভিযুক্ত ৰাজু আলী আৰু ৰেকিব আলীৰ মাজত টকা লেনদেনক লৈ মঙলবাৰে দুয়োৰো মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ পাচত ৰঙিয়া থানালৈ আহি দুয়োজনে আপোচ কৰি মীমাংসা কৰে যদিও বুধবাৰে ৰাজু আলীয়ে লগৰীয়াক লৈ ৰেকিব আলীৰ ঘৰত পুনৰ কাজিয়াত লিপ্ত হোৱাৰ পিছত ৰেকিব আলীয়ে গুলিচালনা হোৱা আৰু দহ লাখ টকা নিয়া বুলি ভুৱা প্ৰচাৰ কৰি গোটেই ঘটনাটো বিপথে পৰিচালনা কৰিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Dibrugarh theft incident: মাৰণাস্ত্ৰ লৈ চাৰিটাকৈ গাড়ীৰ শ্ব’ৰুমত নিশা চোৰৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.