ETV Bharat / state

চৰকাৰলৈ বাট নাচাই ৰাইজে ব্যৱস্থা কৰিলে খৰখৰী নৈৰ খহনীয়া ৰোধৰ

author img

By

Published : Sep 7, 2020, 4:24 AM IST

river bank erosion
river bank erosion

ছয়গাঁৱৰ খৰখৰী নৈত গৰাখহনীয়া ৷ খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল ৰাইজ ৷ খৰখৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জনজাতীয় সংগঠনৰ শ্ৰমদান ৷

ছয়গাঁও ৬ ছেপ্টেম্বৰ : ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জনজাতি অধ্যুষিত এলেকাৰ ৰিহাবাৰী গুইমাৰীত খৰখৰী নৈৰ গৰাখহনীয়া ৷ যাৰ ফলত ছয়গাঁও উকিয়াম পথটো গৰাখহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈছে । কিন্তু চৰকাৰে খহনীয়া হোৱা অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো কাৰ্যব্যৱস্থা হাতত লোৱা নাই । ইতিমধ্যে প্ৰায় ৫০ মিটাৰ অংশ খহনীয়াত জাহযোৱাৰ উপক্ৰম ঘটিছে ৷ সেয়ে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দেওবাৰে ওলাই আহিল স্থানীয় একাংশ সংগঠন তথা ৰাইজ ৷

river bank erosion
খৰখৰী নৈৰ খহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ

দেওবাৰে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত তথা অঞ্চলবাসী ৰাইজৰ সহযোগত শ্ৰম দান কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰে । স্থানীয় লোক তথা সংগঠন কেইটাই নিজৰ গাঁঠিৰ ধন ভাঙি খহনীয়া হোৱা স্থানত বাঁহৰ বেৰ দি বস্তাত বালি ভৰাই গৰাখনীয়া প্ৰতিৰোধৰ বাবে শ্ৰমদান কৰে ।

river bank erosion
ৰাইজে নিজেই ব্যৱস্থা কৰিলে খহনীয়া ৰোধৰ

এই শ্ৰমদান অনু্ষ্ঠনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, পৰিষদৰ সদস্য উদ্ধৱ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰদীপ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীতেন ৰাভাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে সহযোগ কৰে । স্থানীয় সংগঠন কেইটাই সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি অহাত ৰাইজে সংগঠন কেইটাৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : কিহৰ বাবে বাৰে বাৰে ভাঙোনমুখী হয় অগপ ! কেৰোণ ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.