ETV Bharat / state

কিহৰ বাবে বাৰে বাৰে ভাঙোনমুখী হয় অগপ ! কেৰোণ ক’ত ?

author img

By

Published : Sep 6, 2020, 5:27 PM IST

Updated : Sep 6, 2020, 10:52 PM IST

ঐতিহাসিক অসম আন্দোলনৰ বুকুত 1885 চনৰ 14 অক্টোবৰত গোলাঘাটত জন্ম লাভ কৰা দলটোৱে সেই বৰ্ষৰ বিধানসভা নিৰ্বাচনত 69 খন আসনত জয় লাভ কৰি চৰকাৰ গঠন কৰে ৷ উক্ত চৰকাৰৰ নেতৃত্ব বহন কৰিছিল দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷ মহন্ত আছিল অসমৰ প্ৰথমগৰাকী কণিষ্ঠ মুখ্যমন্ত্ৰী ৷

AGP political party special story guwahati assam etv bharat news
বিভাজনৰ দিশে অগপ দল

গুৱাহাটী,4 চেপ্তেম্বৰ: সেয়া আছিল 1983 চনৰ অসম আন্দোলনৰ সময় ৷ সেই বিভীষিকাময় দিনবোৰৰ কথা পাহৰিব পৰা নাই কোনেও ৷ অসমৰ সমাজ জীৱনক জোকাৰি যোৱা আটাইতকৈ ৰোমাঞ্চকৰ সময় আছিল সেয়া ৷ এই আন্দোলনৰ ফলশ্ৰুতিতে জন্ম লাভ কৰিছিল অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক দলে ৷ ৰাজ্যবাসীৰ ভৰসাৰ একমাত্ৰ থলী আছিল এই দলটো ৷ কিন্তু বিগত প্ৰায় 35 বছৰে অসমৰ ৰাজনৈতিক ইতিহাসত যেন বিশ্বাস ভংগৰ অভিলেখ সৃষ্টি কৰিলে অগপই ৷ দলটোৰ নেতৃবৰ্গৰ মাজত থকা ক্ষমতালিপ্সা, অঁৰিয়াঅঁৰি, জাতিটোৰ প্ৰতি দায়িত্বহীনতাই হতাশ কৰিলে প্ৰতিগৰাকী জনতাক ৷ শেহতীয়াকৈ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই দল ত্যাগ কৰাৰ উপক্ৰম হৈছে ৷ বিগত 27 আগষ্টত দলৰ কাৰ্যনিৰ্বাহক সভাত মহন্তপন্থীসকল পুনৰবাৰ অপমানিত হোৱাৰ অভিযোগ উত্থাপনৰ পিছতে প্ৰশ্ন হৈছে পুনৰবাৰ বিভাজিত হ’ব নেকি অগপ?

ঐতিহাসিক অসম আন্দোলনৰ বুকুত 1885 চনৰ 14 অক্টোবৰত গোলাঘাটত জন্ম লাভ কৰা দলটোৱে সেই বৰ্ষৰ বিধানসভা নিৰ্বাচনত 69 খন আসনত জয় লাভ কৰি চৰকাৰ গঠন কৰে ৷ উক্ত চৰকাৰৰ নেতৃত্ব বহন কৰিছিল দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷ মহন্ত আছিল অসমৰ প্ৰথমগৰাকী কণিষ্ঠ মুখ্যমন্ত্ৰী ৷ কিন্তু প্ৰথমটো কাৰ্যকালৰ পৰাই ৰাজ্যত তীব্ৰতৰ হৈ উঠা আলফাৰ সশস্ত্ৰ বিদ্ৰোহে চৰকাৰখনৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰে ৷ একে সময়তে আৰম্ভ হয় দলীয় সংঘাতো ৷ পৰৱৰ্তী সময়ত 1991 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে বিভাজিত হয় দলটো ৷ অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ একনায়কত্ববাদৰ ফলতে এই বিভাজন সৃষ্টি হয় ৷ বিভাজিত দলৰ নাম দিয়া হয় নতুন অসম গণ পৰিষদ ৷ কিন্তু দীৰ্ঘম্যাদী নহ’ল দলটোৰ আয়ুসৰেখা ৷ 1996 চনত পুনৰ চৰকাৰ গঠন কৰে অগপই ৷ সমান্তৰালকৈ অব্যাহত থাকে দলীয় সংঘাত ৷ 2000 চনত দ্বিতীয়বাৰৰ বাবে দলটো পুনৰ বিভাজিত হৈ অতুল বৰা আৰু পুলকেশ বৰুৱাৰ নেতৃত্বত গঠন হয় তৃণমূল অসম গণ পৰিষদ নামৰ নতুন এটি দলৰ ৷ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় অগপ ৷

বিভাজনৰ দিশে অগপ দল

ইয়াৰ পৰিণতিত 2001 চনৰ নিৰ্বাচনত মুখঠেকেচা খাই দলটোৱে ৷ কেৱল এয়াই নহয়, 2005 চনত স্বয়ং প্ৰফুল্ল কুমাৰ মহন্তই গঠন কৰে অসম গণ পৰিষদ(প্ৰগতিশীল) নামেৰে এটি নতুন দল ৷ কিন্তু এই দলৰ ৰাজনৈতিক আয়ুস আছিল মাত্ৰ তিনি বছৰ ৷ 2008 চনত দলটোৰ জন্মস্থান গোলাঘাটত অনুষ্ঠিত এক অধিৱেশনত মহন্তৰ দলটো পুনৰ অগপৰ সৈতে চামিল হয় ৷ বিভাজন আৰু অৰিয়াঅৰিত লিপ্ত অগপই পৰৱৰ্তী তিনিটাকৈ নিৰ্বাচনত ইয়াৰ পৰিণাম ভোগ কৰে ৷

কিন্তু 2016 চনৰ নিৰ্বাচনত বিজেপিৰ সৈতে হোৱা মিত্ৰজোঁটৰ ফলত অগপই লাভ কৰে মাত্ৰ 14 খন আসন ৷ সম্প্ৰতি ৰাজ্য চৰকাৰৰ সৈতে মিত্ৰজোঁটত থকা দলটোত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এলাগী হোৱা দৃষ্টিগোচৰ হৈছে ৷ ফলত সৃষ্টি হৈছে পুনৰ দল বিভাজনৰ অৱধাৰিত প্ৰেক্ষাপটৰ । বিগত চাৰিটা দশকত অসমৰ ৰাজনৈতিক ইতিহাসত অগপৰ উত্থান-পতনে বিশেষ গুৰুত্ব লাভ কৰিছে ৷ আঞ্চলিকতাবাদী ৰাজনীতিৰ সুস্থিৰতা ধৰি ৰখাত একপ্ৰকাৰ ব্যৰ্থ হৈছে অগপ দলটো ৷ সময় থাকোতে দলটোৱে পূৰ্বৰ অঁৰিয়াঅঁৰিৰ সমাধান নকৰিলে পৰৱৰ্তী 2021 চনৰ নিৰ্বাচনত মুখথেকেচা খোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিব ৷

লগতে চাওকঃ শিশু নিৰ্যাতনৰ অভিযুক্তক গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ডিব্ৰুগড় আৰক্ষীৰ

Last Updated : Sep 6, 2020, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.