Protest at Rangia: বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ
Published: Mar 16, 2023, 11:22 AM


Protest at Rangia: বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ
Published: Mar 16, 2023, 11:22 AM
ৰঙিয়া নগৰত বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবী । এই দাবী জনাই ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে জনালে প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মইমতালিৰে নলা নিৰ্মাণ কৰাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ (Public fire against NHAI in Rangia)।
ৰঙিয়া, ১৬ মাৰ্চ:বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰঙিয়াৰ ৰাইজ (Demand for construction of drains scientifically at Rangia)। বুধবাৰে কামৰূপ জিলাৰ ৰঙিয়া নগৰত শ শ ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰঙিয়া নগৰখনৰ ৩ নং ৱাৰ্ডৰ ধৰমপুৰ, মুৰাৰা আৰু দ্বীপ্তিনগৰৰ লোকসকলে হাতে হাতে বেনাৰ আদি লৈ সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।
স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্ব লোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অঞ্চলটোৰ বাবে অতিকৈ জৰুৰী নলা এটা অঞ্চলটোৰ ভৌগোলিক অৱস্থাৰ লগত মিলাই বিজ্ঞান সন্মতভাৱে নিৰ্মাণ নকৰি নিজ মইমতালিৰে নিৰ্মাণ কৰিবলৈ ওলাইছে (National Highways Authority of India)। অঞ্চলটোৰ মাজেৰে যোৱা এই নলাটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পানী বৰলীয়া নৈত পৰাৰ ব্যৱস্থা কৰিব লাগিছিল যদিও নলাটো সম্পূৰ্ণ ওলোটাকৈ বনোৱা হৈছে ।
দৰাচলতে অঞ্চলকেইটাৰ পানী এই নলাটোৰে ওলাই গৈ কাষেৰে বৈ যোৱা বৰলীয়া নৈত পৰিব লাগিছিল (Public protest in Rangia)। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰিব ওলোৱা নলাটোৰে পানী ওলোটাকৈ বৈ গৈ জনবসতি পূৰ্ণ এলেকা এটাতহে জমা হবগৈ । এই অঞ্চলটোৰ বিভিন্ন ঠাইত পূৰ্বৰে পৰাই কৃত্ৰিম বানৰ সমস্য়াই ৰাইজক জীয়াতু ভোগাই আহিছে । এতিয়া এই নলাটো বিজ্ঞান সন্মতভাৱে নিৰ্মাণ নকৰিলে এই সমস্য়াই জটিল ৰূপ ধাৰণ কৰিব ।
আনহাতে, স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি এই নলাটো মাত্ৰ তিনি ফুট গভীৰ কৰাৰ লগতে নিৰ্মাণ কাৰ্যত যথেষ্ট নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে (Protest against NHAI at Rangia)। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই সংস্থাটোৱে নিৰ্মাণ কাৰ্য চলাই থকা বাবে বিষয়টো সন্দৰ্ভত স্থানীয় প্ৰশাসনে ৰাইজক কোনোধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই । সেয়েহে স্থানীয় ৰাইজে বিষয়টো সন্দৰ্ভত এক স্থায়ী সমাধানৰ দাবী জনাই এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । যদিহে সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ব্য়ৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে ৰাইজে ইয়াকলৈ অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সঁকীয়াই দিয়ে ।
