ETV Bharat / state

দক্ষিণ কামৰূপত ৰে'ল দুৰ্ঘটনা, নিহত 1

author img

By

Published : Nov 9, 2019, 4:15 PM IST

বহু সময়লৈকে ঘটনাস্থলীত উপস্থিত নহ'ল ৰে’ল বিভাগৰ লোক তথা আৰক্ষী ৷ মৃতদেহৰ ওপৰেৰে পাৰ হ'ল বহুকেইখন ৰে'ল ৷

দক্ষিণ কামৰূপত ৰে'ল দুৰ্ঘটনা, নিহত 1

ছয়গাঁও, 9 নৱেম্বৰ: শনিবাৰে দুপৰীয়া দক্ষিণ কামৰূপৰ বৰতেজপুৰত কামাখ্যা যোগীঘোপা ৰে’ল পথত ৰে’লৰ খুন্দাত নিহত হয় এজন লোক ৷ লোকজন ১ নং আমতলা গাঁৱৰ অপূৰ্ব দাস বুলি চিনাক্ত কৰা হৈছে ৷ শনিবাৰে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰামপুৰ দৰা বিলত সমূহীয়াভাৱে মাছমৰা চাবলৈ যোৱাৰ সময়তে ৰে’লৰ খুন্দাত মৃত্যু হয় লোকজনৰ ৷ কুকুৰমাৰাৰ পৰা ৰে’ল পথেৰে ৰামপুৰৰ দৰাবিললৈ গৈ থকাৰ সময়তে তীব্ৰবেগী ৰে’ল এখনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় লোকজন ৷

এনেদৰেই ৰে'ল পথৰ ওপৰত পৰি ৰ'ল লোকজনৰ মৃতদেহ

মনকৰিবলগীয়া যে, ৰে’লৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ পিছতো বহু সময়লৈকে ঘটনাস্থলীত উপস্থিত নহ'ল ৰে’ল বিভাগৰ লোক তথা বিজয়নগৰ আৰক্ষী ৷ যাৰ ফলত মৃতদেহটোৰ ওপৰেৰে চলাচল কৰে কেইবাখনো ৰে’ল ৷

লগতে পঢ়কঃ গুৱাহাটীত কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

Intro:দক্ষিণ কামৰূপৰ বৰতেজপুৰত শনিবাৰে দুপৰীয়া ৰে’লৰ খুন্দাত নিহত হয় এজন লোক ৷Body:ছয়গাঁও ৯ নৱেম্বৰ : শনিবাৰে দুপৰীয়া দক্ষিণ কামৰূপৰ বৰতেজপুৰত কামাখ্যা যোগীঘোপা ৰে’ল পথত ৰে’লৰ খুন্দাত নিহত হয় এজন লোক ৷ লোকজন ১ নং আমত’লা গাঁৱৰ অপূৰ্ব দাস বুলি চিনাক্ত কৰা হৈছে ৷ জানিবপৰামতে শনিবাৰে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰামপুৰ দৰা বিলত সমূহীয়াভাৱে মাছমৰা চাবলৈ যোৱাৰ সময়তে ৰে’লৰ খুন্দাত লোকজনৰ মৃত্যু হয় ৷ উক্ত লোকজনে কুকুৰমাৰাৰ পৰা ৰে’ল পথেৰে ৰামপুৰৰ দৰাবিলৰ ফালে গৈ থকাৰ সময়তে সেই সময়ত তীব্ৰ গতিত অহা এখন ৰে’লে লোকজনক খুন্দা মাৰে ফলত থিতাতে নিহত হয় লোকজন ৷ আচৰ্য্যজনক কথা এয়ে যে ৰে’লৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ পিছতো বহু সমলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই ৰে’ল বিভাগৰ লোক তথা বিজয়নগৰ আৰক্ষী ৷ যাৰ ফলত মৃতদেহটোৰ ওপৰৰে চলাচল কৰে কেইবাখনে ৰে’ল ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.