ETV Bharat / state

গুৱাহাটীত কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

author img

By

Published : Nov 9, 2019, 1:40 PM IST

গুৱাহাটী ৰে'ল আৰক্ষীৰ তালাচী অভিযানত জব্দ প্ৰায় 1 কোটি 20 লাখ টকা মূল্যৰ সোণ ৷ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী ৷

সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

গুৱাহাটী, 9 নৱেম্বৰ: শনিবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ আঠখন সোণৰ বাৰসহ গ্ৰেপ্তাৰ কৰে চুনাই মগ নামৰ লোকজনক ৷ জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় 1 কোটি 20 লাখ টকা। সোণৰ বাৰ কেইখন মিজোৰামৰ পৰা দিল্লীলৈ লৈ যোৱাৰ পাৰিকল্পনা আছিল বুলি জানিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে ৷

gold seized in guwahati
গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণ জব্দ

ধৃত লোকজনে লেপটপৰ বেটাৰী লগোৱা স্থান আৰু ট্ৰলী বেগৰ হেণ্ডেলত ভৰাই আনিছিল জব্দ হোৱা সোণখিনি ৷ ইতিমধ্যে গুৱাহাটী ৰে'ল আৰক্ষীয়ে এই সম্পৰ্কত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

লগতে চাওকঃ ডিব্ৰুগড়ত লোমহৰ্ষক হত্যাকাণ্ড : এজনক হানি-খুচি হত্যা

Intro:কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ এক সৰবৰাহকাৰী গুৱাহাটী ৰেলৱে ষ্টেচনত


Body:শনিবাৰে পুৱা গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ পৰা প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ আঠখন সোণৰ বাৰসহ চুনাই মগক (42 Chunai Mag) গ্ৰেপ্তাৰ কৰে। জব্দ কৰা সোণৰ বাৰৰ মূল্য প্ৰায় 1 কোটি 20 লাখ টকা। ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত সোণৰ বাৰ কেইখন মিজোৰামৰ পৰা দিল্লীলৈ লৈ যোৱা পাৰিকল্পনা আছিল। গ্ৰেপ্তাৰ কৰা সৰ্বৰাহকাৰী লেপটপৰ বেটাৰী লগোৱা স্থানত আৰু ট্ৰলী বেগৰ হেণ্ডেলত ভৰাই সোণৰ বাৰখিনি দিল্লীলৈ লৈ গৈ আছিল।



বাইট- ৰেল আৰক্ষী অধীক্ষক ৰাজৱিৰ সিংহ

এই সম্পৰ্কে ৰেল আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।




Conclusion:ইয়াৰ পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচা যুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এই সৰবৰাহ অব্যাহত আছে ।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.