ETV Bharat / state

শ্ৰমিকৰ মাজত সাহায্য বিতৰণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ

author img

By

Published : Jun 8, 2021, 12:33 PM IST

মহামাৰীৰ সময়ত নিৰ্মাণ শ্ৰমিক সকলৰ ওচৰত থিয় দিলে বিধায়ক ৰেকিবুদ্দিনে
মহামাৰীৰ সময়ত নিৰ্মাণ শ্ৰমিক সকলৰ ওচৰত থিয় দিলে বিধায়ক ৰেকিবুদ্দিনে

কৰ’ণা কালত ক্ষতিৰ সন্মুখীন হোৱা নিৰ্মাণ শ্ৰমিকসকলৰ ওচৰত থিয় দিলে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ সোমবাৰে ২০০ গৰাকী নিৰ্মাণ শ্ৰমিকক সাহায্য প্ৰদান কৰিলে বিধায়ক গৰাকীয়ে ৷

ছয়গাঁও,8 জুন: কৰ’ণা মহামাৰীৰ বাবে ৰাজ্যত সম্পূৰ্ণ লক ডাউন দিয়া হোৱা নাই যদিও আংশিক লক ডাউন তথা অধিক সান্ধ্য আইনৰ বাবে বহু লোকৰ জীৱন আৰু জীৱিকাক লৈ হাহাকাৰৰ সৃষ্টি হৈছে ৷ আন আন ক্ষেত্ৰৰ লগতে নিৰ্মাণ শ্ৰমিকসকলৰো পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

কৰ’ণা মহামাৰীৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা ছয়গাঁৱৰ নিৰ্মাণ শ্ৰমিকসকলক শেহতীয়াকৈ সহায়ৰ হাত আগবঢ়ালে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ সোমবাৰে বিধায়ক গৰাকীয়ে কামৰূপ জিলা অগ্ৰগামী নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ডুৱজেনীত থকা কাৰ্যালয়ত নিৰ্মাণ শ্ৰমিকসকলক এই সাহায্য প্ৰদান কৰে ৷

ছয়গাঁও অঞ্চলৰ ২০০ গৰাকী নিৰ্মাণ শ্ৰমিকক বিধায়কগৰাকীয়ে একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে ৷ ইয়াৰ লগতে বিধায়ক গৰাকীয়ে মহামাৰীৰ এই সময়ত সকলোকে একতাৰে কাম কৰাৰ বাবেও আহ্বান জনায় ৷ অনুষ্ঠানটোত বিধায়ক গৰাকীৰ লগতে ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক: বিবদমান অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন গোলাঘাটৰ উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.