ETV Bharat / state

ৰাজ্যত সঘনাই নিখোজ হৈছে মহিলা: ক’লৈ গ’ল Laboratory Technician অংকুমণি বৰুৱা ?

author img

By

Published : Oct 5, 2021, 5:42 PM IST

কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ পৰীক্ষাগাৰ সহায়ক (Laboratory Technician) সন্ধানহীন ৷ বিগত ছদিন ধৰি সন্ধানহীন মহিলা কৰ্মচাৰী গৰাকীৰ পৰিয়ালে এতিয়া তীব্ৰ উৎকন্ঠাৰে পাৰ কৰিছে সময় ৷

lady Laboratory Technician goes missing for six days
ৰাজ্যত সঘনাই নিখোজ হৈছে মহিলা: ক’লৈ গ’ল Laboratory Technician অংকুমণি বৰুৱা ?

ৰঙিয়া, 5 অক্টোবৰ : কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী মহিলা পৰীক্ষাগাৰ সহায়ক( Laboratory Technician ) সন্ধানহীন । সন্ধানহীন হোৱা মহিলা গৰাকীৰ নাম অংকুমণি বৰুৱা (৩৪) বুলি জানিব পৰা গৈছে । কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়াৰ মাতৃগৃহৰ পৰা ৰঙিয়াৰ উদিয়ানাৰ স্বামী গৃহলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈ পৰে মহিলাগৰাকী ।

প্ৰায় ছয় দিন পূৰ্বে সংঘটিত এই ঘটনা সন্দৰ্ভত ৰঙিয়া থানা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীৰ স্বামী কৈলাশ কলিতাই । কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে, আত্মীয় স্বজন আৰু পৰিচিত লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই স্বামী তথা পৰিয়াল ।

বিগত ছদিনে অংকুমণি বৰুৱা নিৰুদ্দিষ্ট হৈ থকাত ১৩ বছৰীয়া একমাত্ৰ কন্যা আৰু পৰিয়ালটো দুখত ভাগি পৰিছে ।

ৰাজ্যত সঘনাই নিখোজ হৈছে মহিলা: ক’লৈ গ’ল Laboratory Technician অংকুমণি বৰুৱা ?

উপায়হীন হৈ পৰা পৰিয়ালটোৰ সন্দেহ, কোনো দুষ্ট চক্ৰই ফুচুলাই নি কৰবাত বিক্ৰী কৰি দিছে মহিলা গৰাকীক ৷ কি পৰিস্থিতিত আৰু কেনেকৈ Laboratory Technician অংকুমণি বৰুৱা নিখোজ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । তীব্ৰ উদ্বিগ্নতাৰ মাজত সময় পাৰ কৰা পৰিয়ালটোৱে এতিয়া শীঘ্ৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক : লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.