লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী

By

Published : Oct 5, 2021, 2:21 PM IST

thumbnail

বোকাখাটৰ লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মঙলবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে । ধৰ্মীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কাৰ্বি সমাজৰ শান্তি-প্ৰগতিৰ বাবে লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তন হৈছে । ইয়াৰ দ্বাৰা কাৰ্বি আংলঙত নৱ জাগৰণৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে ডলামৰাক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰে । তেওঁ ৰাজ্যৰ সমাগত উপ নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি "যি হ'ব ভাল হ'ব ' বুলি মন্তব্য কৰে । আনহাতে, ৰাজ্যৰ ৩৬ জন ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দি ইতিমধ্যে ২২ জনক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মডেল ৰাজকণ্যা বৰুৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.