ETV Bharat / state

ৰঙিয়াত ইটিভি ভাৰতৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ

author img

By

Published : Nov 30, 2020, 9:44 PM IST

immediate-effect-of-etv-india-news-in-rangia
ৰঙিয়াত ইটিভি ভাৰতৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ

ৰঙিয়াত ইটিভি ভাৰতৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ ৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে বিভাগে আৰম্ভ কৰিছে দলং নিৰ্মাণৰ কাম ৷

ৰঙিয়া, 30 নৱেম্বৰ : ইটিভিৰ ভাৰতৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল ৰঙিয়াৰ গোপালপুৰত । 29 নৱেম্বৰত ইটিভি যোগে অঞ্চলটোৰ লাচি-বিষ্ণুপুৰৰ পৰা গোপালপুৰ সংযোগী দলংখনৰ বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰা হৈছিল । দলংখনৰ কাম বিগত দহ মাহ ধৰি বন্ধ হৈ আছিল । লগতে, কাষতে থকা পুৰণা কাঠৰ দলংখনৰ অৱস্থা একেবাৰে তথৈবচ ফলত যথেষ্ট অসুবিধা হৈ আছে অঞ্চলটোৰ ৰাইজৰ ।

স্থানীয় লোকৰ মন্তব্য

দলং নিৰ্মাণৰ কামটোৱে অগ্ৰগতি লাভ নকৰাৰ বাতৰি ইটিভি যোগে সম্প্ৰচাৰ হোৱাৰ পিচদিনাখনেই অৰ্ধনিৰ্মিত দলংখনৰ কাম পুনৰ আৰম্ভ কৰিছে ব্ৰাইট ইঞ্জিনীয়াৰ নামৰ ঠিকাদাৰী সংস্থাটোৱে । নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হোৱাত ৰাইজে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে আৰু অনতিপলমে দলংখন সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে, দলংখনৰে 8 খন গাঁৱৰ কেইবা সহস্ৰাধিক লোকে নিতৌ অহা-যোৱা কৰে এই পথটোৰে । বছৰ বছৰ ধৰি ৰাইজে যাতায়তৰ নামত যমৰ যাতনা ভুগি থকা অঞ্চলটোলৈ জৰুৰীকালীন সেৱাসমূহো যথাসময়ত গৈ উপস্থিত হ'ব নোৱাৰে । অঞ্চলটোক ৰঙিয়া সংমণ্ডল তথা বহিঃৰাজ‍্যৰ লগত সংযোগ কৰা গুৰুত্বপূৰ্ণ পথটোৰ গুৰুত্বপূৰ্ণ দলঙখন শীঘ্ৰে সম্পূৰ্ণ হ'লে ৰাইজে যাতায়তৰ বাবে সকাহ লাভ কৰিব ।

লগতে পঢ়ক : মাঞ্জাত বাছ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৪ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.