ETV Bharat / state

মাঞ্জাত বাছ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৪ জন

author img

By

Published : Nov 30, 2020, 1:14 PM IST

কাৰ্বি আংলঙৰ মাঞ্জাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ AS21C 4996 নম্বৰৰ বাছখনে AS 14C6713 তেলৰ টেংকাৰ খনক অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত দুৰ্ঘটনাটো ৷

road-mishap-4-spot-death
মাঞ্জাত বাছ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৪ জন

ডিফু,৩০ নৱেম্বৰ : আজি পুৱাৰ ভাগতে কাৰ্বি আংলঙৰ মাঞ্জাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলঙৰ মাঞ্জা থানা সমীপৰ আপাৰ মহংদিজোৱাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ বাতৰি সংগ্ৰহ কৰা সময়লৈকে দুৰ্ঘটনাটোত ৪ জন লোক থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ সমান্তৰালভাৱে আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, ডিমাপুৰ পৰা মৈৰাবাৰী অভিমুখে আহি থকা AS21C 4996 নম্বৰৰ বাছখনে AS 14C6713 তেলৰ টেংকাৰ খনক অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত দূৰ্ঘটনাটো ৷ নিহত সকল ক্ৰমে, বাক্সাৰ মাধৱপুৰ গাঁৱৰ জাবেদ আলী( ৩২), বৰপেটা টাউনৰ অনুপম শৰ্মা, ধৰ্মেন্দ্ৰ দাস (৩২) আৰু মৈৰাবাৰীৰ দিলদাৰ হুছেইন ৷

লগতে পঢ়কঃ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.