ETV Bharat / state

দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

author img

By

Published : Mar 26, 2022, 8:36 AM IST

Updated : Mar 26, 2022, 9:52 AM IST

Illegal sand mining in Assam
ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত প্ৰতিদিনে চলি আছে অবৈধ বালিৰ খনন (Illegal sand mining at Rangia) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয় । কাৰ নেতৃত্বত চলিছে এই অবৈধ খনন ! চাওক পুঠিমাৰী নৈৰ পৰা আমাৰ এক প্ৰতিবেদন ৷

ৰঙিয়া, 26 মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ৰঙিয়াতো গোপনে চলিছে বালিৰ ৰমৰমীয়া বেহা (Illegal sand mining in Assam) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয় । এই অভিযোগ তৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰতিদিনে অবৈধ খনন চলিছে পুঠিমাৰী নৈত ৷

পুঠিমাৰী নৈৰ পৰা অবৈধ খনন চলাই প্ৰতিদিনে ফকলেণ্ড আৰু এক্সেলেভেটৰে উঠাই আছে বালি । চালান অবিহনেই ট্ৰেক্ট্ৰৰ আৰু ডাম্পাৰ আদিৰে সৰবৰাহ কৰি আছে বজাৰ আদিলৈ । এইবোৰ দেখি শুনিও চকুমুদা কুলিৰ ৰূপত বহি আছে উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয়ৰ বন সংমণ্ডল প্ৰাধিকাৰী আৰু বিট অফিচাৰ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

পিছে কাৰ নেতৃত্বত চলিছে এই অবৈধ বালিৰ সৰবৰাহ !

বন বিভাগক মেনেজ নকৰাকৈ কেনেদৰে সম্ভৱ হৈছে কোটি কোটি টকাৰ অবৈধ বেহা চলোৱাটো । এই প্ৰশ্নৰ উত্তৰ হয়তো আপুনি নিশ্চয়কৈ অনুমান কৰিব পাইছে । এনেদৰে পুঠিমাৰী নৈৰ পৰা বালি খনন কৰাৰ পিছত বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সচেতন লোকসকল ।

Illegal sand mining in Assam
ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

চৰকাৰক ৰাজহুৱা কৰ ফাঁকি দি কোটি কোটি টকাৰ অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত ইতিমধ্যে কেইবাটাও ছাত্ৰ সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰিছে মহকুমাধিপতিক । কিন্তু কোনো তদন্তই কৰা নহ’ল অবৈধ বালি খননৰ ওপৰত । সংবাদ মাধ্যমৰ আগত এই অভিযোগ তৰিছে কেইবাটাও ছাত্ৰ-সংগঠনৰ সদস্যই ৷ আনকি সংবাদ মাধ্যমৰ সন্মুখতে কেইবাটাও দল-সংগঠনৰ সদস্য বন বিভাগ আৰু মহকুমা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে । "এই ঘটনাটোৰ সৈতে কোন কোন জড়িত আছে, তাক লৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰক"- এই দাবী উত্থাপন কৰিছে সচেতন মহলে ।

লগতে পঢ়ক : কলগাছিয়াত বালি মাফিয়াৰ দপদপনি, নীৰৱ বন বিভাগ তথা জিলা প্ৰশাসন

Last Updated :Mar 26, 2022, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.