ETV Bharat / state

বকোৰ লাম্পীত পুনৰ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 25, 2020, 12:57 PM IST

অসম-মেঘালয় সীমান্তৰ কাৰ্বি লাম্পীত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ শেহতীয়াকৈ কিছুদিনৰ পৰা অসম-মেঘালয় সীমান্তৱৰ্তী উক্ত অঞ্চলত সৃষ্টি হোৱা সীমা সম্পৰ্কীয় সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷

hungama created at karbi lampi near boko kamrup assam etv bharat news
লাম্পীত পুনৰ উত্তপ্ত পৰিস্থিতি

বকো,25 আগষ্ট: পুনৰ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে অসম-মেঘালয় সীমান্তৰ কাৰ্বি লাম্পীত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত বৃহস্পতিবাৰে লাম্পীৰ সমীপৰ মাকৈবাৰী, সুন্দৰপুৰ আদি গাঁৱৰ ৰাইজে মাকৈবাৰীৰ পৰা সুন্দৰপুৰ সংযোগী পথছোৱা নিজববীয়া প্ৰচেষ্টাৰে মেৰামতি কৰি থকা অৱস্থাত উক্ত স্থানত উপস্থিত হৈছিল মেঘালয় আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে উক্ত স্থান মেঘালয়ৰ অন্তৰ্গত বুলি দাবী কৰে ৷ স্থানীয় ৰাইজে উক্ত ঘটনাৰ প্ৰতিবাদ কৰাত দুই যুৱকক প্ৰহাৰ কৰাৰ লগতে অন্য তিনিগৰাকী যুৱকক আটক কৰি মেঘালয় আৰক্ষীয়ে নিজৰ লগত লৈ যায় ৷ কিন্তু নিশাৰ ভাগলৈ আৰক্ষীয়ে মুকলি কৰি দিয়ে যুৱকৰ দলটোক ৷

উক্ত ঘটনাৰ পিছত পুনৰ অঞ্চলবাসীয়ে দেওবাৰে পথছোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও সোমবাৰে পুনৰ সেই অঞ্চললৈ গৈ চকু কপালত উঠে ৰাইজৰ ৷ কিয়নো মেঘালয় আৰক্ষীয়ে মাকৈবাৰী-সুন্দৰপুৰ সংযোগী পথৰ মাজেৰে বৈ যোৱা ঠুলুখোলা নৈৰ পাৰত স্থাপন কৰে এক পহৰা চকী ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তেজিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল ৷ দলটোৱে লাম্পীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰে ৷ তদুপৰি উক্ত স্থানত পুনৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মঙলবাৰে উপস্থিত হ’ব অসম আৰক্ষীৰ অন্য এক দল ৷ শেহতীয়াকৈ কিছুদিনৰ পৰা অসম-মেঘালয় সীমান্তৱৰ্তী উক্ত অঞ্চলত সৃষ্টি হোৱা সীমা সম্পৰ্কীয় সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ জোনাইৰ বানাক্ৰান্তই চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.