ETV Bharat / state

ৰঙিয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত মানৱ সৰবৰাহকাৰী

author img

By

Published : May 21, 2022, 7:54 PM IST

human traffickers trapped by police in rangia
ৰঙিয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত মানৱ সৰবৰাহকাৰী

ৰাজ্যত পুনৰ সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ(Reactive human suppliers in Assam) । এইবাৰ ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে এটা মানৱ সৰবৰাহকাৰীক(Rangia police trapped notorious human trafficker) । সৰবৰাহকাৰীটোৰ কৱলৰ পৰা উদ্ধাৰ কৰে তিনিজনকৈ লোকক ।

ৰঙিয়া,২১ মে': ৰাজ্যত পুনৰ সক্ৰিয় মানব সৰবৰাহকাৰী চক্ৰ(Reactive human suppliers in Assam)। আৰক্ষীও সষ্টম এই অসাধু চক্ৰটোৰ বিৰুদ্ধে । এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত মানৱ সৰবৰাহকাৰী(Rangia police trapped notorious human trafficker) । আৰক্ষীৰ অভিযানকাৰী দল এটাই ৰঙিয়াৰ বাসগৃহৰপৰা আটক কৰে ৰাহুল আলী নামৰ সৰবৰাহকাৰীটোক ।

সৰবৰাহকাৰীটোৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে তিনিজনকৈ লোকক । উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত এজন ত্ৰিপুৰাৰ, এজন শ্বিলঙৰ আৰু আনজন নাহৰকটীয়াৰ বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীটোৱে বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাইছিল তিনিওজন লোকক ।

ৰঙিয়া আৰক্ষীৰ জালত পৰিল কুখ্যাত মানৱ সৰবৰাহকাৰী

কেইবাটাও গোচৰত অভিযুক্ত সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল । লোকজনে সংস্থাপন দিয়াৰ প্ৰলোভনেৰে বহু লোকক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ কেইবাটাও ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে ।

ৰঙিয়া ষ্টেচনৰ সমীপৰ পৰাই হৈ অহা মানৱ সৰবৰাহৰ এনে কেইবাটাও ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল । ইয়াৰ মাজতেই এক সূত্ৰৰ তথ‍্যৰ আধাৰত আৰক্ষীয়ে সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় । বৰ্তমান অধিক তথ্যৰ বাবে ৰাহুল আলীক জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে ।

লগতে পঢ়ক: লখিমপুৰত ই ৰিক্সা আৰু চাৰিচকীয়া বহনৰ মাজত সংঘৰ্ষ; নিহত 1 আহত 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.