ETV Bharat / state

লখিমপুৰত ই ৰিক্সা আৰু চাৰিচকীয়া বহনৰ মাজত সংঘৰ্ষ; নিহত 1 আহত 4

author img

By

Published : May 21, 2022, 2:17 PM IST

road accident in Lakhimpur
লখিমপুৰত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

পুৱাই লখিমপুৰত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident in Lakhimpu) ৷ থিতাতে নিহয় হয় এজন ই-ৰিক্সাচালক আৰু গুৰিতৰভাৱে আহত হয় আন চাৰিজন ব্যক্তি ৷ তথ্য অনুসৰি, অতি সংকটজনক অৱস্থাত আহত কেইজনক ভৰ্তি কৰোৱা হয় লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ৷

লখিমপুৰ, 21 মে’ : লখিমপুৰত পুৱাই অঘটন ৷ লখিমপুৰ নগৰৰ সমীপৰ মৈদমীয়াত এখন ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় (Road accident in Lakhimpur) ৷ ফলত থিতাতে নিহত হয় এজন লোক (Man dead in a road accident in Lakhimpur) ৷

জানিব পৰা মতে, নিহত লোকজন মৈদমীয়া গাঁৱৰ মইনুদ্দিন আলি ওৰফে জিতু ৷ জিতু পেচাগতভাৱে এজন ই-ৰিক্সা চালক ৷ কেৱল ই-ৰিক্সা চলাই জিতুৱে পোহপাল দি আছিল পৰিয়ালটোক ৷ জিতুৰ মৃত্যুৰ বাতৰিত এতিয়া শোকাকুল হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷

ঘটনাৰ বিৱৰণি অনুসৰি, পুৱা প্ৰায় 5 বজাত মইনুদ্দিনে উত্তৰ লখিমপুৰ টাউনৰ পৰা ৰংপুৰীয়া গাঁৱৰ অভিমুখে ই ৰিক্সাখন লৈ গৈ আছিল ৷ তেনে অৱস্থাতে মৈদমীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাই পথত বিপৰীত দিশৰ পৰা অহা AR 08 B 2690 নম্বৰৰ এখন অৰুণাচলী বাহনে মহতিয়াই নিয়ে AS 07 ER 0378 নম্বৰৰ ই ৰিক্সাখন ৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় ই-ৰিক্সা চালক মইনুদ্দিন আলি ওৰফে জিতু ৷

আনহাতে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ই-ৰিক্সাখনত থকা দুজন যাত্ৰীসহ চাৰিচকীয়া বাহনখনৰ চালক আৰু এজন লোক (Four people injured in road accident in Lakhimpur) ৷ তাৰ পাচতে স্থানীয় লোকৰ তৎপৰতাত আহত লোককেইজনক লখিমপুৰ মেডিকেল কলেজ হাস্পতাত (LMCH) ভৰ্তি কৰোৱা হয় । তথ্য অনুসৰি, ই-ৰিক্সাৰ চালক মইনুদ্দিন আলিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে LMCH লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 3 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.