ETV Bharat / state

দদৰাত সোণৰ বিস্কুটসহ দুজনক আটক

author img

By

Published : Aug 4, 2021, 8:02 PM IST

বুধবাৰে কামৰূপৰ দদৰাত সোণ (Gold)ৰ বিস্কুটসহ দুজন সৰবৰাহকাৰীক আটক ৷ জালুকবাৰীৰ পৰা বৰপেটালৈ নিয়াৰ সময়তে দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ সোণখিনিৰ মূল্য প্ৰায় 1 কোটি টকা ৷

gold-seized-at-dadara
সোণৰ বিস্কুটসহ দুজনক আটক

বাইহাটা,4 আগষ্ট : কামৰূপ (গ্ৰাম্য) জিলাৰ দদৰাত বুধবাৰে সোণ (Gold)ৰ বিস্কুটসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ AS-01-EG-3427 নম্বৰৰ এখন মটৰ চাইকেলেৰে জালুকবাৰীৰ পৰা বৰপেটালৈ নিয়াৰ সময়তে হাজো-গুৱাহাটীমুখী পথত আটক হয় দুই সৰবৰাহকাৰী ৷

জব্দ হোৱা সোণখিনিৰ ওজন 2 কিলো 21 গ্ৰাম আৰু ইয়াত মুঠ 19 খন সোণৰ বিস্কুট পোৱা গৈছে ৷ এই সোণখিনিৰ মূল্য প্ৰায় 1 কোটি টকা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে আটক কৰা সোণ সৰবৰাহকাৰী দুজন ক্ৰমে- বৰপেটাৰ নবাব আলী আহমেদ আৰু আব্দুছ চুবুৰুদ্দিন ।

সোণৰ বিস্কুটসহ দুজনক আটক

লগতে পঢ়ক : কৰিমগঞ্জত অব্যাহত গৰু চোৰৰ উপদ্ৰৱ

দদৰা আৰক্ষী চকী (Dadara Police Station)ৰ অতিৰিক্ত উপ-পৰিদৰ্শক কুমুদ তালুকদাৰ আৰু কনিষ্টবল তনুক চন্দ্ৰ দাসৰ অভিযানত জব্দ হয় সোণৰ বিস্কুটখিনি । সোণ সৰবৰাহকাৰীয়ে তালাচীৰ সময়ত দুই আৰক্ষীক উপঢৌকন হিচাপে দিব বিচাৰিছিল জব্দ কৰা সোণৰ টোপোলা । যাৰ বিনিময়ত আটক কৰিব নালাগে সৰবৰাহকাৰী দুজনক ৷

কিন্তু উপঢৌকন গ্ৰহণ নকৰি দুই আৰক্ষী বিষয়াই তৎক্ষণাত খবৰ দিছিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি দাসক ৷ তাৰ পাচতে দুই সৰবৰাহকাৰীক খেদি খেদি আটক কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মাৰাথান জেৰা অব্যাহত ৰাখিছে দুই সৰবৰাহকাৰীক ।

লগতে পঢ়ক : আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.