ETV Bharat / state

কৰিমগঞ্জত অব্যাহত গৰু চোৰৰ উপদ্ৰৱ

author img

By

Published : Aug 4, 2021, 5:06 PM IST

cattle-stolen-in-karimganj
কৰিমগঞ্জত গৰু চোৰৰ উপদ্ৰৱ

দীৰ্ঘদিনৰ পৰাই কৰিমগঞ্জৰ পাথাৰকান্দি থানা (Patharkandi Police Station)ৰ অধীনস্থ বুবৰিঘাট চাহ বাগিচা (Bhubrighat Tea Estate) অঞ্চলত অব্যাহত আছে সন্দেহযুক্ত বাংলাদেশী (Bangladeshi)ৰ উপদ্ৰৱ ৷ আন্ধাৰৰ সুযোগ লৈ গৰু চুৰি কাণ্ডৰ লগত জড়িত এই সন্দেহযুক্ত লোকসকলে অঞ্চলটোত চলাই আহিছে সন্ত্ৰাস । বিপাঙত অঞ্চলবাসী ৷

কৰিমগঞ্জ,4 আগষ্ট : ভাৰত-বাংলাদেশ সীমান্ত (India-Bangladesh Border)ত অৱস্থিত ভাৰতীয় গাঁওসমূহত এতিয়া সন্দেহযুক্ত বাংলাদেশী (Bangladeshi)ৰ দপদপনি ৷ কৰিমগঞ্জ জিলা (Karimganj District)ৰ পাথাৰকান্দি থানা (Patharkandi Police Station)ৰ অধীনস্থ বুবৰিঘাট চাহ বাগিচা (Bhubrighat Tea Estate) অঞ্চলত দীৰ্ঘদিনৰ পৰা এই সন্দেহযুক্ত বাংলাদেশী (Bangladeshi) লোকসকলে চলাই গৈছে গৰুৰ চুৰিকাণ্ড ।

প্ৰতিনিশাই বাগিচা অঞ্চলত সোমাই স্থানীয় লোক সকলৰ গোহালিৰ পৰা গৰু চুৰ কৰি লৈ যায় বাংলাদেশী গৰু চোৰৰ দলে । ওচৰ চুবুৰীয়া আদমটিলা, লংগাই, পুতনি, কুকীতল, চিপেনজুৰি আদি অঞ্চলসমূহতো আন্ধাৰৰ সুযোগ লৈ সন্দেহযুক্ত বাংলাদেশী গৰু চোৰে চলাই আহিছে সন্ত্ৰাস । অভিযোগ অনুসৰি বাংলাদেশী গৰু চোৰক সহায় কৰি আহিছে সীমান্তৱৰ্তী একাংশ ভাৰতীয় লোকে ।

কৰিমগঞ্জত গৰু চোৰৰ উপদ্ৰৱ

লগতে পঢ়ক : মহানগৰীত আৰক্ষীৰ জালত পৰিছে বৃহৎ চোৰৰ চক্ৰ

উল্লেখ্য যে, বিগত বৰ্ষতো বুবৰিঘাট চাহ বাগিচাত গৰু চোৰ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিছিল তিনিটাকৈ চোৰ । তাৰ পাচতে উত্তেজিত ৰাইজে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল চোৰ তিনিটাক ৷ যাৰ ফলস্বৰূপে গণপ্ৰহাৰত মৃত্যু হৈছিল তিনিওৰে ।

মৃতদেহ উদ্ধাৰ কৰাৰ সময়ত এটাৰ বেগৰ পৰা বহু বাংলাদেশী সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । উদ্ধাৰ হোৱা সামগ্ৰীয়ে একপ্ৰকাৰ প্ৰমাণ কৰিছিল যে, বাংলাদেশৰ পৰা গৰু চুৰ কৰিবলৈ ভাৰতৰ মাটিত প্ৰৱেশ কৰিছিল তিনিওজন চোৰে ।

লগতে পঢ়ক : বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে লংমাইলুবাসীক

গৰু চোৰৰ উপদ্ৰৱত যেন অতিষ্ঠ হৈ পৰিছে সীমান্তৱৰ্তী লোকসকল ৷ ইতিমধ্যে গৰু চুৰিকাণ্ডৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত বহুকেইটা গোচৰ ৰুজো কৰা হৈছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনো উচিত ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । অঞ্চলবাসীয়ে শীঘ্ৰেই গৰু চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক : নাৰায়ণপুৰ বিহপুৰীয়াত ধুমুহাই ক্ষতি কৰিলে বিভিন্ন অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.