ETV Bharat / state

নাৰায়ণপুৰ বিহপুৰীয়াত ধুমুহাই ক্ষতি কৰিলে বিভিন্ন অঞ্চল

author img

By

Published : Aug 4, 2021, 1:49 PM IST

বুধবাৰে পুৱাই অহা বিধ্বংসী ধুমুহাই চুই হ’ল নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ বিভিন্ন অঞ্চল । পথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ ৷

Storm in Narayanpur and Bihpuria
নাৰায়ণপুৰ-বিহপুৰীয়াত ধুমুহাৰ তাণ্ডৱ

বিহপুৰীয়া, 4 আগষ্ট: নাৰায়ণপুৰ-বিহপুৰীয়াত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ ৷ ক’ৰণাৰ বিভীষিকাৰ মাজতে বুধবাৰে পুৱাই প্ৰকৃতিয়ে ল’লে ৰুদ্ৰ ৰূপ । বুধবাৰে পুৱাই অহা বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি কৰিলে নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ বিভিন্ন অঞ্চলত ।

Storm in Narayanpur and Bihpuria
নাৰায়ণপুৰ-বিহপুৰীয়াত ধুমুহাৰ তাণ্ডৱ

নাৰায়ণপুৰ চহৰ, মাধৱপুৰ, ধলপুৰৰ লগতে বিহপুৰীয়াৰো বহু অঞ্চলৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতি সাধন হৈছে এই ধুমুহাত । 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে গছ বাগৰি পৰাত ব্যাহত হৈ পৰে যাতায়াত ৷ এই তাণ্ডৱৰ পিছতেই অঞ্চলটোত বিজুলী সংযোগ বৰ্তমানো বন্ধ হৈ আছে ।

বৰ্তমানো ধুমুহাত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.