ETV Bharat / state

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে লংমাইলুবাসীক

author img

By

Published : Aug 4, 2021, 2:49 PM IST

poor-condition-of-a-road-at-lanka
লংকাত পথৰ দুৰাৱস্থা

লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলি বনবিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা লংমাইলু অঞ্চললৈ সংযোগী একমাত্ৰ পথৰ দুৰাৱস্থাৰ ফলত যমৰ যাতনা ভুগিছে লংমাইলু গাঁওবাসীয়ে ৷ গাঁওখনৰ অধিকাংশ লোক ডিমাচা সম্প্ৰদায়ৰ হোৱাৰ বাবে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ (Sibu Mishra)ই গাঁওবাসীক অৱহেলা কৰাৰ অভিযোগ উত্থাপন ৷

হোজাই,4 আগষ্ট : লামডিং সমষ্টিৰ অন্তৰ্গত হোজাই জিলা (Hojai District)ৰ লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলি বনবিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা লংমাইলু অঞ্চললৈ সংযোগী একমাত্ৰ পথৰ দুৰাৱস্থা ৷ পথটোৰ দুৰাৱস্থাই যমৰ যাতনা ভোগাইছে স্থানীয় ৰাইজক । পূৰ্বে উদালী উন্নয়ন খণ্ডৰ অধীনত পথটো মেৰামতি কৰা হৈছিল যদিও, পথ মেৰামতিৰ বাবে অহা চৰকাৰী ধন আত্মসাৎ কৰিছে ঠিকাদাৰে ৷

এই অভিযোগ উত্থাপন কৰিছে লংকাৰ লংমাইলু গাঁৱৰ ডিমাচা (Dimasa) সম্পদায়ৰ লোকসকলে ৷ ডিমাচাসকলৰ অন্য এক অভিযোগ অনুসৰি, গাঁওখনৰ অধিকাংশ লোক ডিমাচা সম্প্ৰদায়ৰ হোৱা হেতুকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ (Sibu Mishra)ই অৱহেলিত কৰি আহিছে গাঁওবাসীক ৷ সম্প্ৰতি জংঘলেৰে ভৰি পৰিছে এই মূল পথটো ৷

লংকাত পথৰ দুৰাৱস্থা

লগতে পঢ়ক : পানী যোগান আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

1942 চনতে স্থাপন হোৱা এই গাঁওখনত বাস কৰি আহিছে ডিমাচা সম্প্ৰদায়ৰ লোকে ৷ লংমাইলু সংযোগী পথৰ মেৰামতিৰ বাবে বহু কেইবাৰ চৰকাৰী ধন আৱণ্টন হৈছিল যদিও দুৰ্নীতি সংঘটিত কৰি আহিছে ঠিকাদাৰে । উদালী উন্নয়ন খণ্ডৰ দায়িত্বত থকা কৰ্মচাৰী, জি আৰ এছ, ৱাৰ্ড মেম্বাৰে মিলি ৰাইজক দেখুওৱাৰ বাবে সামান্য পথৰ কাম কৰি সমুদায় চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ডিমাচা লোকসকলে ।

শীঘ্ৰেই পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ধলাইত আবদ্ধ কৰি ৰখা হ’ল লাইলাপুৰলৈ যোৱা আছুৰ সজাতি দলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.