ETV Bharat / state

ধলাইত আবদ্ধ কৰি ৰখা হ’ল লাইলাপুৰলৈ যোৱা আছুৰ সজাতি দলক

author img

By

Published : Aug 4, 2021, 11:47 AM IST

assu  delegation Team barred From Visiting Assam Mizoram Border
চুবুৰীয়া ৰাজ্যই পাৰে যদি আমাৰ মুখ্যমন্ত্ৰীয়েও পাৰিব লাগিব : শংকৰজ্যোতি বৰুৱা

অসম-মিজোৰাম সীমান্ত পৰিদৰ্শণ কৰিবলৈ যোৱা 'আছু'ৰ সজাতি দলক বাধা আৰক্ষীৰ ৷ উক্ত ঘটনাক ক্ষুব্ধ হৈ চৰকাৰক তীব্ৰ কটাক্ষ কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

শিলচৰ, 4 আগষ্ট : অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) লাইলাপুৰত 26 তাৰিখে সংঘটিত মিজোৰাম আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত সীমান্ত অঞ্চলত এতিয়া চেপা উত্তজনাই বিৰাজ কৰি আছে ৷ সীমান্ত অঞ্চল পৰিদৰ্শনৰ উদ্দেশ্যে মঙলবাৰে শিলচৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ এটা সজাতি দল লাইলাপুৰলৈ ৰাওনা হয় ৷

কিন্তু আদবাটতে আৰক্ষীয়ে সীমান্তলৈ যোৱাত বাধা প্ৰদান কৰে আছুৰ সজাতি দলটোক ৷ ঘটনাস্থলীৰ প্ৰায় 10 কিলোমিটাৰ আগতেই ধলাই আৰক্ষী চকী (Dhalai Police Station)ৰ ওচৰত আৰক্ষীয়ে বাধা প্ৰদান কৰে দলটোক ৷ উক্ত ঘটনাটোত ক্ষুব্ধ হৈ পৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (Sangkarjyoti Barua)ৰ লগতে সংগঠনটোৰ সদস্যসকল ৷

চুবুৰীয়া ৰাজ্যই পাৰে যদি আমাৰ মুখ্যমন্ত্ৰীয়েও পাৰিব লাগিব : শংকৰজ্যোতি বৰুৱা

এই সন্দৰ্ভত আছুৰ সম্পাদকগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, দিল্লীৰ নয়নৰ মণি হৈ থাকি লাভ নাই ৷ চুবুৰীয়া ৰাজ্যসমূহে যেনেকৈ দিল্লীক ৰঙা চকু দেখুৱাই প্ৰাপ্য আদায় কৰে, ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়েও প্ৰাপ্য আদায় কৰিব লাগে বুলি দাবী কৰে শংকৰজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক - HSLC ৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) লাইলাপুৰত 26 তাৰিখে সংঘটিত মিজোৰাম আৰক্ষীৰ বৰ্বৰ আক্ৰমনত অসম আৰক্ষী (Assam Police)ৰ 6জনকৈ জোৱান শ্বহীদ হ'বলগীয়া হয় ৷ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে আছুই ৷ ইফালে অসম-মিজোৰাম দুয়োখন ৰাজ্যৰ মাজতেই শান্তি চুক্তি হৈছে যদিও 6 গৰাকী শ্বহীদৰ হত্যাৰ তদন্ত হ’ব লাগিব ৷ দোষীয়ে উচিত শাস্তি পাবই লাগিব বুলি চৰকাৰক দাবী জনাইছে শংকৰজ্যোতি বৰুৱাই ৷

অসম মিজোৰাম সীমান্ত সমস্যাটো অতিশীঘ্ৰে সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সংগঠনটোৰ সদস্যসকলে ৷ যদি এই ক্ষেত্ৰত যদি হেমাহি কৰে তেনেহ'লে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে শংকৰজ্যোতি বৰুৱাই ৷ ইফালে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বৰ বাবে সোমবাৰে শিলচৰত উপস্থিত হৈছিল আছুৰ এটা প্ৰতিনিধি দলটো ।

শিলচৰ উপস্থিত হৈয়ে প্ৰথমে নিহত আৰক্ষী জোৱান শ্যামসুন্দৰ দুৱাৰৰ ঘৰত উপস্থিত হয় ৷ ইয়াৰ পাচতে শিলচৰ মেডিকেল কলেজ হাস্পতালত আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ৷ প্ৰতিনিধি দলটোৰ নেতৃত্ব আছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । শংকৰজ্যোতি বৰুৱাই সাংবাদিকক সম্বোধন কৰি অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক - মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.