ETV Bharat / state

মহানগৰীত আৰক্ষীৰ জালত পৰিছে বৃহৎ চোৰৰ চক্ৰ

author img

By

Published : Aug 3, 2021, 10:44 PM IST

ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা মিনি লক ডাউনৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত সক্ৰিয় হৈছে একাংশ দুষ্ট চক্ৰ ৷ ইয়াৰ মাজতে শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিছে 20 টা গভাইত চোৰ ৷

a-large-circle-of-thieves-has-fallen-into-the-trap-of-police-in-the-guwahati-city
মহানগৰীত আৰক্ষীৰ জালত পৰিছে বৃহৎ চোৰৰ চক্ৰ

গুৱাহাটী, 3 আগষ্ট : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে কৰ'ণা মহামাৰীৰ সংহাৰী ৰূপ ৷ ক'ভিড সৃষ্ট এই সময়ছোৱাত মহানগৰীত বৃদ্ধি পাইছে বিভন্ন অপৰাধজনিত ঘটনা ৷ চুৰি-ডকাইতিকে ধৰি বিভিন্ন অপৰাধী চক্ৰই মহানগৰীত বাহৰ পাতি সংঘটিত কৰি আহিছে এটাৰ পিছত আনটো অপৰাধ ৷ বিশেষকৈ দিছপুৰ আৰু হাতীগাঁও থানাৰ অন্তর্গত বিভিন্ন অঞ্চলক টাৰ্গেট কৰি এই চক্ৰটোৱে সৰ্বসাধাৰণ লোকৰ লগতে পথচাৰীৰ পৰা ধন-সোণ, ম’বাইল আদি লুট কৰি গুৱাহাটীত আতংকৰ সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়কঃ 60 দশকৰ পৰম্পৰা ধৰি ৰাখিছে চোৰে...

যাৰ বাবে এক আতংকৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷ কিন্তু অতি ভাল খবৰ এয়ে যে, এই চক্ৰটোক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে ব্যাপক অভিযান চলাই অৱশেষত সফল হৈছে ৷ যোৱা দুটা দিনত আৰক্ষীয়ে অভিযান চলাই বিভিন্ন অঞ্চলৰ পৰা চুৰি সামগ্ৰী আৰু নগদ ধনসহ 20 টা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে ৷ অভিযানত আৰক্ষীয়ে চোৰকেইটাৰ পৰা দুটা লেপটপ, সাতটা দামী ম'বাইল ফোন, দুখন স্কুটী উদ্ধাৰ কৰিছে ৷

ধৃত চোৰকেইটা ক্ৰমে গুৱাহাটীৰ বেলতলাৰ মহিদুল আলী (28), গৰৈমাৰীৰ হাছান আলী (27), গৌৰীপুৰৰ নয়ন দাস (27) আৰু ধৰণী দাস (22), গৰৈমাৰীৰ নুৰ হুছেইন (24), বৰপেটাৰ জান আলী (22) আৰু মীৰ হুছেইন (26), ছয়গাঁৱৰ বিকি আলী (20), খাৰঘূলীৰ ৰাহুল বড়ো (23), গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ৰাজেশ চাহু (21) আৰু বৰপেটাৰ চাইবুল ইছলাম (23) ৷

গোৱালপাৰাৰ লক্ষীপুৰৰ বাহাৰুল ইছলাম (28), দৰঙৰ ধূলাৰ ছটু আলী (26), নলবাৰীৰ মুকালমুৱাৰ ৰাহুল আলী (20), খাৰুপেটীয়াৰ ৰফিক হুছেইন (22), নলবাৰীৰ মুছলিমপট্টীৰ ছাহিদ হুছেইন (30) ৷ বৰপেটাৰ গৰিয়া চ’কৰ বাবুল আলী (28), হাজোৰ উমানন্দ দাস (19), ছাইবুল ইছলাম (21) আৰু ছাইদুল ইছলাম (23) ৷ ঘটনা সন্দর্ভত দিছপুৰ থানাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 380 আৰু 392 ধাৰা মৰ্মে 2227/21 আৰু 2358/21 নম্বৰত দুটা গোচৰ ৰুজু কৰি চোৰকেইটাক সোধা-পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ লাফিকুলৰ হত্যাকাণ্ডৰ সমগ্ৰ তথ্য ৰাজহুৱা কৰিবলৈ CBI ক দাবী ABMSU ৰ

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত চোৰকেইটাই পথচাৰী মহিলাসকলৰ ডিঙিৰ চেইন, ম’বাইল ফোন, টকাৰ বেগ আৰু অন্যান্য সামগ্ৰী থপিয়াই নিয়া কামত লিপ্ত আছিল ৷ তদুপৰি মহানগৰীত বিভিন্ন চুৰি কাৰ্যত এই চক্ৰটো জড়িত আছিল ৷ আৰক্ষীয়ে দিছপুৰ থানাত ৰুজু হোৱা গোচৰ দুটাৰ ভিত্তিত অভিযান চলাই চোৰকেইটাক জালত পেলাবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ বাক্সা, বৰপথাৰত লাভলীনাৰ সফলতা কামনাৰে বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.