ETV Bharat / state

ৰঙিয়াৰ আশ্ৰয় শিবিৰত বন্যাৰ্তৰ দুৰ্দশা

author img

By

Published : Aug 12, 2020, 2:02 PM IST

flood relief camp problems
বন্যাৰ্তৰ দুৰ্দশা

ৰঙিয়াৰ খন্দিকৰৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ মাজত হাহাকাৰ ৷ বৰ্তমানো বানাক্ৰান্তসকলে লাভ কৰা নাই পৰ্য্যাপ্ত পৰিমাণৰ বান সাহাৰ্য ৷ এদিনৰ বাবে খাদ্যৰ যোগান ধৰি বাক্সা জিলা প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ ৷

ৰঙিয়া, 12 আগষ্ট: ৰঙিয়া সমষ্টিৰ অন্তৰ্গত খন্দিকৰৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ দুৰ্দশাৰ এতিয়াও অন্ত পৰা নাই ৷ চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত অভাৱনীয় পৰিস্থিতিৰ মাজতেই এমাহ পাৰ কৰিলে বানাক্ৰান্তই ৷ এতিয়ালৈকে বানাক্ৰান্তসকলে লাভ কৰা নাই পৰ্য্যাপ্ত পৰিমাণৰ বান সাহাৰ্য ৷

বন্যাৰ্তৰ দুৰ্দশা

আশ্ৰয় শিবিৰত এদিনৰ খাদ্যৰ যোগান ধৰি বাক্সা জিলা প্ৰশাসনে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আশ্ৰয় শিবিৰত থকা লোকসকলক নিজ গৃহলৈ উভতি যাবলৈ প্ৰশাসনৰ তৰফৰ পৰাও হেঁচা প্ৰয়োগ কৰা হৈছিল ৷

আশ্ৰয় শিবিৰত প্ৰায় ১৫০ টা পৰিয়ালৰ ৩৫০ জনতকৈও অধিক বানাক্ৰান্তই এক কদৰ্যময় পৰিৱেশৰ মাজত আশ্ৰয় লৈ আছে ৷ আশ্ৰয় শিবিৰত নাই পৰ্যাপ্ত পৰিমাণৰ সুবিধা ৷ যোগান ধৰা হোৱা নাই পোহৰৰ, যাৰ বাবে অন্ধকাৰৰ মাজতে দিন কটাবলগীয়া হৈছে বানাক্ৰান্তই ৷

আনহাতে, শিশুসকলক যোগান ধৰা নাই কোনো শিশু খাদ্য ৷ খাদ্যৰ অভাৱত অনাহাৰে থাকিব লগা হৈছে বহু বানাক্ৰান্ত পৰিয়াল ৷ ইয়াৰোপৰি, আলৈ-আথানি নোহোৱা হৈছে আশ্ৰয় শিবিৰত থকা গৰ্ভৱতী মহিলাসকলৰ ৷ তেওঁলোকৰ স্বাস্থ্যৰ যতনৰ লগতে সুষম আহাৰৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ৷ এতিয়ালৈকে কোনো স্বাস্থ্যকৰ্মী উপস্থিত হোৱা নাই শিবিৰত ৷

উল্লেখ্য যে, এমাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিঙি প্লাৱিত হৈছিল ৰঙিয়াৰ শতাধিক গাঁও। ইয়াৰ পাচৰে পৰা জলমগ্ন হৈ আছে খন্দিকৰ অঞ্চল ৷ বৰ্তমানো বানৰ মাজতে জলবন্দী হৈ আছে বহু পৰিয়াল ৷

লগতে পঢ়ক: ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.