ETV Bharat / state

ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

author img

By

Published : Aug 12, 2020, 1:06 PM IST

ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত কৰ্মৰত দুগৰাকীকৈ বিষয়াৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ শীৰ্ষ কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি সাময়িকভাৱে বেংকটো বন্ধ কৰি দিয়াৰ লগতে,চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে ৷

দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত
দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

ৰঙিয়া,12 আগষ্ট: ৰঙিয়াৰ ষ্টেট বেংকত কৰ্মৰত দুই বিষয়াৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ কেইবাদিনৰ পৰা জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল বেংকটোৰ ক্ষেত্ৰ বিষয়া বিশ্বজিৎ ডেকা ৷ পৰৱৰ্তী সময়ত বিষয়া গৰাকীয়ে স্বাৱ টেষ্ট কৰাত তেওঁৰ দেহত ধৰা পৰে COVID-19 ৰ অৱস্থিতি ৷ ক্ষেত্ৰ বিষয়া বিশ্বজিৎ ডেকাৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পাচতে বন্ধ কৰি দিয়া হয় বেংকটোৰ সকলো কাম-কাজ ৷

ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

আনহাতে বেংকৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলৰো পৰ্যায়ক্ৰমে স্বাৱ টেষ্ট কৰোৱা হৈছিল ৷ স্বাৱ টেষ্টৰ অন্তত জয়ন্ত সেন গুপ্তা নামৰ আন এগৰাকী বিষয়াৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ দুগৰাকীকৈ বিষয়াৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পাচতে বেংকৰ শীৰ্ষ কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি সাময়িকভাৱে বেংকটো বন্ধ কৰি দিয়াৰ লগতে,চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে ৷ বৰ্তমানৈও স্বাৱ টেষ্টৰ ফলাফল আহিবলৈ বাকী আছে বেংকটোত কৰ্মৰত প্ৰায় ৩০ গৰাকী বিষয়া,কৰ্মচাৰীৰ ৷

লগতে পঢ়ক: নগাঁৱৰ ৰূপহীহাটত 5 জনৰ দেহত ক’ভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.