ETV Bharat / state

ৰঙিয়াত যৌতুকৰ বাবে নৱ বিবাহিতাক নিৰ্যাতন

author img

By

Published : Apr 29, 2021, 5:54 PM IST

ৰঙিয়াৰ মৰাণজানাত তিনি মাহ পূৰ্বে ওৱাহেদুৰ ৰহমান ওৰফে পিকু নামৰ লোকজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল এগৰাকী মহিলা ৷ কিন্তু বিয়াৰ তিনিমাহ পাৰ নৌহওঁতেই মহিলাগৰাকীৰ স্বামীয়ে যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

dowry-demand-by-husband-in-rangia
ৰঙিয়াত যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতনৰ ঘটনা

ৰঙিয়া, 29 এপ্ৰিল : ৰঙিয়াত বোৱাৰী হত্যাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ৰঙিয়াৰ মৰাণজানাত বোৱাৰী নিৰ্যাতনৰ আন এক ঘটনা পোহৰলৈ আহিছে ৷ ৰঙিয়াৰ মৰাণজানাত তিনি মাহ পূৰ্বে ওৱাহেদুৰ ৰহমান ওৰফে পিকু নামৰ লোকজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল এগৰাকী মহিলা ৷ কিন্তু বিয়াৰ তিনিমাহ পাৰ নৌহওঁতেই মহিলাগৰাকীৰ স্বামীয়ে যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰঙিয়াত যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতনৰ ঘটনা

অভিযোগ অনুসৰি ওৱাহেদুৰ ৰহমান নামৰ অভিযুক্তগৰাকীয়ে যৌতুকৰ নামত দাবী কৰা ৫ লাখ টকা দিব নোৱাৰাৰ বাবে পত্নীক অত্যাচাৰ চলাই ঘৰৰ পৰা উলিয়াই দিয়ে ৷ যাৰ পাছতে প্ৰাণৰ মমতাত ভুক্তভোগী মহিলাগৰাকীয়ে নিজ মাতৃগৃহত আশ্ৰয় লয় ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ৰঙিয়া থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও ৰঙিয়া আৰক্ষীয়ে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: মাণিকপুৰত উপস্থিত ডিআইজি দীলিপ কুমাৰ দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.