ETV Bharat / state

মূল্যবৃদ্ধিয়ে উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি

author img

By

Published : Oct 21, 2021, 7:39 PM IST

ৰাজ্যত জুই লাগিছে, মূল্য বৃদ্ধিৰ বাবে ৰাইজৰ পেটত লাগিছে এই জুই ৷ শাসকীয় দলৰ নেতাই মূল্য বৃদ্ধিকলৈ কৰিছে তুলুঙা মন্তব্য ৷ এই ক্ষেত্ৰত সৰৱ হৈছে বিৰোধী ৷

congress-partys-protest-against-price-rice-in-state
মূল্যবৃদ্ধিয়ে উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি

নিউজ ডেস্ক, 21 অক্টোবৰ : বজাৰত এতিয়া আজি এটা দাম কালি এটা দামৰ পৰিৱেশ বিৰাজ কৰিছে ৷ গীতৰ কথাৰ দৰেই আঠীয়া কল এটাৰো হাতীৰ সমান দাম হোৱাত বজাৰলৈ যাবলৈ ভয় হোৱা হৈছে গ্ৰাহকৰ ৷ দিনৰ দিনটো কঠোৰ পৰিশ্ৰম কৰি পৰিয়ালৰ বাবে বজাৰ কৰিবলৈ যোৱা গৃহস্থয়ো হাতত খালী মোনা লৈ ওভটিছে ঘৰলৈ ৷ পেট্ৰ’ল, ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ পৰা নিত্য-ব্যৱহাৰ্য সামগ্ৰীলৈ সকলোতে দেখা দিছে অস্বাভাৱিক মূল্য বৃদ্ধিয়ে ৷

বজাৰৰ এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি কংগ্ৰেছ দলে পালন কৰিলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ প্ৰতিদিনেই পেট্ৰ’ল ডিজেলৰ লগতে , চিলিণ্ডাৰ আৰু নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে, ডিঙিত পিয়াজ , মিঠাতেলৰ বটল আৰু সমুখত চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সদস্য সকলে ৷

মূল্যবৃদ্ধিয়ে উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি

মূল্য বৃদ্ধিৰ কথা কোৱাৰ লগে লগেই দায় সৰা মন্তব্য দি মূল্যবৃদ্ধি ৰোধৰ টুলুঙা ফৰ্মূলা আগবঢ়োৱা শাসকীয় দলৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰিলে কংগ্ৰেছ নেতৃত্বই ৷

মুঠৰ ওপৰত মূল্য বৃদ্ধিৰ বিষয় লৈ শাসক বিৰোধীৰ বাকযুদ্ধ এতিয়া তুংগত উঠিছে ৷ উপ-নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে সমষ্টিয়ে গৈ উন্নয়নৰ জয় ঢোল বজোৱা শাসকীয়ে দলে যিমানেই মূল্যবৃদ্ধিৰ বিষয়টো এৰাই চলিবলৈ বিচাৰিলেও বজাৰত লাগি থকা জুই কুৰাৰ বাবে ক্ষোভিত হৈছে ৰাইজ ৷ ' জনতা মাফ নেহী কৰেগী ' শ্লোগানেৰে সমগ্ৰ দেশতে শাসনৰ মছনদত বহিবলৈ সক্ষম হোৱা বিজেপিক অনাগত সময়ত মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজে ক্ষমা কৰে নে নকৰে সেয়াও হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : ৰুষ্ট প্ৰকৃতিৰ কালৰূপ; উত্তৰাখণ্ডত 64 জনৰ মৃত্যু 11 জন সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.