ৰুষ্ট প্ৰকৃতিৰ কালৰূপ; উত্তৰাখণ্ডত 64 জনৰ মৃত্যু 11 জন সন্ধানহীন

author img

By

Published : Oct 19, 2021, 5:37 PM IST

Updated : Oct 21, 2021, 3:38 PM IST

Uttarakhand flood
উত্তৰাখণ্ডত প্ৰলয়ংকাৰী বানত ৮ জনৰ মৃত্যু ()

উত্তৰাখণ্ড(Uttarakhand)ত কালৰূপ ধাৰণ কৰিছে বানে । ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বানত মৃত লোকৰ সংখ্যা ৷ সেনা আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ : কেৰালাৰ পাচত এইবাৰ উত্তৰাখণ্ডত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ ৷ যেন মৃত্যুৰ উপত্যকাত হে পৰিণত হৈছে দেৱভূমি হিচাপে জনাজাত উত্তৰাখণ্ড ৷ ৰাজ্যখনত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত গভীৰ বান সমস্যাই দেখা দিছে ৷ ইয়াৰ লগতে খহনীয়াও অব্যাহত আছে পাহাৰীয়া ৰাজ্যখনত ৷

এই সংকটপূৰ্ণ অৱস্থাত বৰ্তমানলৈকে ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে 64 গৰাকী লোকে ৷ তাৰোপৰি এই পৰ্যন্ত প্ৰায় 35000 লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে 11 জনতকৈও অধিক লোক ৷ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত নাইনিতালত মৃত্যু হৈছে সৰ্বাধিক 30 গৰাকী লোকৰ ৷

বৰ্তমানেও ৰাজ্যখনত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে এন ডি আৰ এফৰ 17 টা দল, এছ ডি আৰ এফৰ 7 টা দলৰ লগতে পি এ চিৰ 15 টা কোম্পানী আৰু 5000 ৰো অধিক আৰক্ষী জোৱান ৷

বান আৰু খহনীয়াৰ ফলত ৰাজ্যখনৰ পথ সমূহৰ ব্যাপক ক্ষতি সাধন হোৱা দেখা গৈছে ৷ দ্বিতীয়তে ক্ষতি হৈছে শস্যৰ ৷ বজাৰ গৃহত জমা কৰি ৰখা আৰু কৃষিভূমিত থকা শস্যসমূহ বিনষ্ট হৈছে বৰষুণৰ ফলত ৷ বহুকেইটা অঞ্চলত খোৱাপপানীৰ বাবেও সমস্যাৰ সৃষ্টি হৈছে ৷ তাৰোপৰি বিদ্যুৎ সংযোগো ব্যাহত হৈ আছে বহু স্থানত ৷

এই সংকটৰ ফলত ৰাজ্যখনৰ প্ৰায় 5 হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলি মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে জানিবলৈ দিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে হেলিকপ্টাৰ যোগে ৰাজ্যখনৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷ কিন্তু আশানুৰূপভাৱে কোনো বিশেষ সাহায্য ঘোষণা নকৰিলে অমিত শ্বাহে ৷

লগতে পঢ়ক: বাসভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ অমিত শ্বাহৰ

Last Updated :Oct 21, 2021, 3:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.