বাসভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ অমিত শ্বাহৰ

author img

By

Published : Oct 19, 2021, 1:51 PM IST

Home Minister Amit Shah arrives at PMs residence

মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ বাসভৱনত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah) । বৰ্তমান প্ৰধানমন্ত্ৰীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আলোচনা অব্যাহত আছে । কাশ্মীৰকে ধৰি আন কেইবাটাও ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ।

নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ : কেবিনেট বৈঠকৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে(Amit Shah) । মঙলবাৰে পুৱাই প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী । বৰ্তমান দুয়োগৰাকী আলোচনাত মিলিত হৈছে । এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে, কাশ্মীৰকে ধৰি আন কেইবাটাও ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ।

ইয়াৰ পূৰ্বে সোমবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয়ক লৈ প্ৰায় ছয় ঘণ্টা জোৰা বৈঠকত অংশগ্ৰহণ কৰিছিল অমিত শ্বাহে । এই বৈঠকখনত আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । সূত্ৰটোৱে জনোৱা অনুসৰি, শ্বাহে একো একোটা সৰু তথ্যৰ ওপৰতো সতৰ্কতামূলক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ।

আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ মুৰব্বী, চোৰাংচোৱা সংস্থা আৰু সকলো আৰক্ষী সংগঠনে এই বৈঠকত অংশগ্ৰহণ কৰে ।

গৃহ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনায় যে, বিভিন্ন আভ্যন্তৰীণ সুৰক্ষা প্ৰত্যাহ্বান আৰু সেইবোৰৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰি সেই বিষয়ে এই বৈঠকত আলোচনা কৰা হয় ।

বৈঠকত দেশৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতি আৰু কাশ্মীৰত সাধাৰণ লোকক সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা আদি ঘটনাকে ধৰি আইন-শৃংখলাজনিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । বৈঠকত গৃহ মন্ত্ৰীয়ে মাওবাদী প্ৰভাৱিত বিভিন্ন ৰাজ্যত মাওবাদীৰ (LWE) সমস্যাৰ পৰা ৰক্ষা পোৱাৰ বিষয়ে পৰ্যালোচনা কৰে । গৃহ মন্ত্ৰীয়ে ৬ মাহত এবাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰে আলোচনাত মিলিত হোৱাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰ এক অংশ হৈছে এই বৈঠকখন ।

লগতে পঢ়ক: বাংলাদেশত মন্দিৰত কৰা আক্ৰমণৰ গৰিহণা আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.