ETV Bharat / state

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Jun 29, 2021, 4:06 PM IST

Updated : Jun 29, 2021, 8:55 PM IST

chief-minister-himanta-biswa-sharma-at-state-bjp-executive-meeting
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্রীয়ে ?

ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াহতাৰ মাজতে মঙলবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখন কাৰ্যনিৰ্বাহক সভা ৷ সভাত অংশগ্ৰহণ কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী,29 জুন: সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷ ইয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন কাৰ্যনিৰ্বাহক সভা ৷ সভাত কেইবাটাও বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে,কেন্দ্ৰীয় নেতৃত্বই দেখা সপোন বাস্তৱায়িত কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যেই নিজৰ প্ৰয়াসত অবতীৰ্ণ হৈছে ৷ বিগত 45 দিনত অসম চৰকাৰে যিমানখিনি কৰিব পাৰে সেইয়া কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী হিচাপে তেঁও নিজেই 24 ঘণ্টাই কেৱল সমাজৰ বাবে কাম কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্ৰীয়ে ?

আনহাতে ক'ভিড পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰ দৈনিক 3.5 লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে ৷ লগতে 18 বছৰৰ উৰ্ধৰ ৰাজ্যৰ 2.25 কোটি জনসংখ্যাৰ প্ৰায় 70 লাখ লোকক ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে ৷ আনহাতে জুলাইত 60 শতাংশ লোকক ভেকচিন প্ৰদান কৰিব পাৰিম বুলি দাবী কৰি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক বিনামূলীয়াকৈ ভেকচিনৰ যোগান ধৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে শেহতীয়াকৈ ৰাজ্যজুৰি চলা ড্ৰাগছ বিৰোধী অভিযান আৰু আৰক্ষীৰ ব্যাপক সফলতা সন্দৰ্ভতো মন্তব্য ৰাখে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি,বিগত সময়ত 150 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰীক গ্ৰেপ্ত‍াৰ কৰা হৈছে ৷ এইয়া নিসন্দেহে অসম আৰক্ষীৰ ব্যাপক সফলতা ৷ কিন্তু অত্যাধুনিক মাৰণাস্ত্ৰৰে অতি পৰিকল্পিতভাৱে ড্ৰাগছৰ ব্যৱসায় চলি আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত কৰিবলগীয়া আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অসমত বিজেপিৰ ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰা পূৰ্বৰ ৰাজ্যিক সভাপতিসকলৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কয় যে, "সিদ্ধাৰ্থ ভট্টাচাৰ্য ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থকা দিনত মোৰ বিজেপিত যোগদানৰ সৌভাগ্য হৈছিল ৷ প্ৰত্যেকগৰাকী সভাপতিৰ দিনতে গৌৰৱময় ইতিহাসৰ সূচনা হৈ আহিছে ৷ ভৱেশ কলিতাৰ দিনতো হ'ব গৌৰৱময় ইতিহাসৰ সূচনা ৷"

লগতে পঢ়কঃ ভূত বাংলাত পৰিণত বাইহাটা চাৰিআলিৰ পশু চিকিৎসালয়

Last Updated :Jun 29, 2021, 8:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.