ETV Bharat / state

ছয়গাঁৱত আৰ্তজনৰ কাষতঃ জনকল্যাণ সমিতি

author img

By

Published : Apr 26, 2020, 4:58 PM IST

chaigaon-food-distibutaion-jonokaylan-samiti
ছয়গাঁৱত আৰ্তজনৰ কাষতঃ জনকল্যাণ সমিতি

ছয়গাঁৱৰ জনকল্যাণ সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ছয়গাঁৱৰ আৰক্ষীক ফুলাম গামোছাৰে জনালে ৰঙালী বিহুৰ শুভেচ্ছা, ২০০ পৰিয়ালৰ মাজত বিতৰণ খাদ্য সামগ্ৰী ৷

ছয়গাঁও ,২৬ এপ্ৰিল : লক ডাউনৰ বাবে এইবাৰ উৎযাপন কৰা নহ’ল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ এই সময়ছোৱাতে কৰ্ম ব্যস্ততা বাঢিছে আৰক্ষী সকলৰ কৰ্মৰত আৰক্ষীৰ কাষ চাপিল ছয়গাঁৱৰ একাংশ লোক। আজি ছয়গাঁৱৰ জনকল্যাণ সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ লগতে বিজেপিৰ যুৱ মৰ্চাৰ ছয়গাঁও মণ্ডলৰ সদস্য সকলে ছয়গাঁও আৰক্ষী থানালৈ গৈ আৰক্ষীৰ লোকসকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷

ছয়গাঁৱত আৰ্তজনৰ কাষতঃ জনকল্যাণ সমিতি

ইপিনে তেওঁলোকে ছয়গাঁৱৰ ২০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যসূচীত ছয়গাঁও জনকল্যাণ সমিতিৰ সভাপতি দ্বিজেন দাস,সম্পাদক মিলন দাস,যুৱ মৰ্চাৰ সভাপতি মণ্টু কলিতা,সম্পাদক হিতেশ শালৈ ,জনকল্যাণ সমিতিৰ কৃষি বিভাগৰ সভাপতি নাগেশ্বৰ বড়ো,স্বাস্থ্য বিভাগৰ সভানেত্ৰী প্ৰণীতা শালৈ ,পৰিৱেশ বিভাগৰ সভাপতি গগন নাথ,শিক্ষা বিভাগৰ সভাপতি ৰূপনাথ দাস,স্বচ্ছ বিভাগৰ সভাপতি গগন দাস,কৃষি বিভাগৰ সম্পাদক পবিত্ৰ নাথ আৰু জনকল্যাণ সমিতিৰ উপদেষ্টা নয়নমণি শালৈ,শুক্লেশ্বৰ ৰাভা আৰু ৰমেন তামুলি উপস্থিত থাকে ৷ তেওঁলোকৰ এনে পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে ৷

লগতে পঢকঃ ডুমডুমাত আৰ এচ এচ ৰ সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.