ETV Bharat / state

আমিনগাঁৱত উপস্থিত ষ্টীল আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ফাগান সিং কুলস্তে

author img

By

Published : Aug 19, 2021, 1:53 PM IST

কামৰূপ(গ্ৰাম্য) জিলাৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ ল’বলৈ বুধবাৰে আমিনগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় ষ্টীল আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ফাগান সিং কুলস্তে ৷ তাৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমিনগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মীন, কৃষি, পশুপালন, গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় ৷

central minister faggan singh kulaste visit in north ghy
আমিনগাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ফাগান সিং কুলস্তে

বাইহাটা, 19 আগষ্ট : বুধবাৰে আমিনগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় ষ্টীল আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ফাগান সিং কুলস্তে । গ্ৰামোন্নয়ন পৰ্যবেক্ষণ বৈঠক অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আমিনগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে, কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত কৰা হয় এই বৈঠকখন ৷

জিলাখনৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খিতান বুজ লব’লৈ আমিগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ফাগান সিং কুলস্তে ৷ আমিনগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মীন, কৃষি, পশুপালন, গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । আমিনগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত আঁত ধৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷

আমিনগাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ফাগান সিং কুলস্তে

এই পৰ্যালোচনা বৈঠকৰ পিছতে কামৰূপ জিলাৰ হাজোত উপস্থিত হয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকী ।

লগতে পঢ়ক: ভৱেশ কলিতাই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ নতুন সমিতি

কামৰূপ জিলাৰ হাজোৰ গ্ৰামোন্নয়নৰ কেবাটাও প্ৰকল্প পৰিদৰ্শনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰে এটা ক্ষুদ্ৰ প্ৰকল্পও ।আমিনগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সহিতে উপস্থিত থাকে অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া । অসমৰ গ্ৰামোন্নয়নৰ প্ৰতিখন আঁচনিয়েই সফল ৰূপায়ন হৈছে । আত্ম সহায়ক গোটৰ জৰিয়তে সংস্থাপনৰ বাট বুলিছে ৰাজ্যখনৰ যুৱক-যুৱতীয়ে ।

চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে উপাৰ্জন তথা কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ । প্ৰধানমন্ত্ৰী আবাস যোজনা, এম জি এনৰেগা, মীন পালন সকলো ক্ষেত্ৰতে সফল হৈছে চৰকাৰখন । এই বুলি মন্তব্য কৰে কেন্দ্ৰীয় ষ্টীল আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ফাগান সিং কুলস্তে ৷

জানিব পৰা মতে, গ্ৰামোন্নয়ন পৰ্যবেক্ষণ বৈঠকৰ পূৰ্বে আমিনগাঁও সংহত উপায়ুক্ত কাৰ্যালয়ৰ সংগ্ৰাহালয় পৰিদৰ্শনৰ লগতে থলুৱা খাদ্য সামগ্ৰীৰ বিপণী এখনো পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী ফাগান সিং কুলস্তে ৷

লগতে পঢ়ক: গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.