ETV Bharat / state

গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা

author img

By

Published : Aug 18, 2021, 10:10 PM IST

গোলাঘাটত অতি সোনকালে আৰম্ভ হ'ব গোলাঘাট মেডিকেল কলেজ আৰু সতী সাধনী মহাবিদ্যালয়ৰ কাম ৷ লগতে সৰুপথাৰত 25 কোটি টকা খৰছেৰে নিৰ্মাণ হ'ব এটা ক্ৰীড়া প্ৰকল্প ৷ এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

several-major-announcements-by-chief-minister-himanta-biswa-sharma-in-golaghat
গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা

গোলাঘাট,18 আগষ্ট: বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটৰ কেইবাটাও অঞ্চলত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পুৱাই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত মহা প্ৰভুৰ চৰণত সেৱা লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে আঠখেলীয়া নামঘৰলৈ 5 কোটি টকাৰ আৰ্থিক অনুদান ঘোষণা ৷ ইয়াৰ উপৰি নামঘৰৰ চৌহদতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নামঘৰত সেৱা লোৱাৰ পিছত বৰুৱাগাঁৱত অৱস্থিত অজন্তা নেওগৰ স্বামী নগেন নেওগৰ সমাধিত সেৱা জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছত গোলাঘাটৰ সতী সাধনী কলা ক্ষেত্ৰত অসমীয়াৰ বীৰাঙ্গনা নাৰী সতী সাধনীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি জিলাখনৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পৰ্যালোচনা সভাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা

মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা অনুসৰি, গোলাঘাটত অতি সোনকালে গোলাঘাট মেডিকেল কলেজ আৰু সতী সাধনী মহাবিদ্যালয়ৰ কাম আৰম্ভ হ'ব । লগতে বুধবাৰৰ দিনটোতে দুয়োটা স্থানৰ বাবে স্থানো পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে এক আঁচনিৰ জৰিয়তে 50 কোটি টকা খৰছেৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়টো নতুনকৈ নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেঁও উল্লেখ কৰা মতে, এই কাৰ্যালয় জিলাখনৰ জিলা পৰ্যায়ৰ কেইবাটাও কাৰ্যালয়ৰ স্থান হ'ব ৷ আঢ়ৈশ কোটি টকা ব্যয় সাপেক্ষে গোলাঘাট আৰু দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ চাৰিলেন যুক্ত কৰা হ'ব ৷ ৰাইজে সহযোগিতা কৰিলে সোনকালেই কাম আৰম্ভ কৰা হ'ব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ বাছ সেৱা মুকলি কৰাৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ

ইয়াৰ ওপৰিও সৰুপথাৰত 25 কোটি টকা খৰছেৰে এটা ক্ৰীড়া প্ৰকল্প(Spots Complex) নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে খুমটাই আৰু দেৰগাঁও সমষ্টিতো এটাকৈ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেঁও উল্লেখ কৰা মতে, দুয়োটা সমষ্টিত ক্ৰীড়া প্ৰকল্পৰ বাবে 10 কোটি টকাকৈ আৱন্টন দিয়া হ'ব ৷ গোলাঘাট জিলাত 22 হাজাৰ নতুন পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ'ব বুলিও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে পাইপৰ জৰিয়তে চাহ বাগিচা সমূহত খোৱা পানীৰ অভিলাষী আঁচনি হাতত লোৱা হৈছে বুলি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে জিলা খনত কেইবাখনো দলং, বাটপথৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ ৷ ইয়াৰ উপৰি বুধবাৰে বিয়লি বিজেপিৰ নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ পুনৰ কাৰ্য‍ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.