ETV Bharat / state

পুনৰ কাৰ্য‍ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

author img

By

Published : Aug 18, 2021, 8:33 PM IST

jute-mill-reopens-for-production-at-kaliabor
পুনৰ কাৰ্য‍ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

চৰকাৰী নিৰ্দেশনাৰ পাছতে পুনৰ আৰম্ভ হৈছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য ৷ ন-উদ্যমেৰে কলৰ উৎপাদন কাৰ্যত নিয়োগ হৈছে শ্ৰমিক সকল ৷

কলিয়াবৰ,18 আগষ্ট: সম্পূৰ্ণ তিনি মাহৰ বিৰতিৰ অন্তত পুনৰ কাৰ্য‍ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল ৷ ক'ভিড পৰিৱেশ আৰু আৰ্থিক অনাটনৰ বাবে বিগত তিনিমাহ ধৰি মৰাপাট কলটোৰ উৎপাদন কাৰ্য‍ বন্ধ হৈ পৰিছিল ৷ শিলঘাটৰ এই অসম সমবায় মৰাপাট কলৰ শ্ৰমিক, বিষয়া-কৰ্মাচাৰী, মৰাপাট ব‍্যৱসায়ী,অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাই 18 আগষ্টৰ পৰা পুনৰ চকা ঘূৰিল মৰাপাট কলটোৰ ৷

ইতিপূৰ্বে কলটোৰ জটিলতা দূৰ কৰিবলৈ দীঘলীয়া আলোচনাত মিলিত হৈছিল ৰাজ‍্যৰ সমবায় বিভাগকে ধৰি কেইবাটাও বিভাগ । তদুপৰি, আগষ্ট মাহৰ পৰা পুনৰ উৎপাদন কাৰ্য‍্য আৰম্ভ কৰা হ'ব বুলি জনাইছিল স্বাস্থ্য মন্ত্ৰী তথা কল পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্তই । সকলো জল্পনা-কল্পনা দূৰ কৰি আজি কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য‍ পুনৰ আৰম্ভ হ'ল ।

পুনৰ কাৰ্য‍ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

তাৎপৰ্যপূৰ্ণভাৱে কলিয়াবৰৰ অন‍্যতম সম্পদ মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ কলিয়াবৰ প্ৰেছ ক্লাৱে কল প্ৰৱন্ধন কৰ্তৃপক্ষ আৰু কল কৰ্মী সন্থাৰে পৃঠকে-পৃঠকে আলোচনাত মিলিত হৈছিল ৷

2021 বৰ্ষৰ জুলাই মাহত মন্ত্ৰী কেশৱ মহন্ত তথা কল পৰিচালক মণ্ডলীৰ অধ‍্যক্ষৰ সৈতে কলটোৰ অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰয়োজনীয় ব‍্যৱস্থা আৰু পৰিকল্পনাৰ বিষয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল কলিয়াবৰ প্ৰেছ ক্লাৱে । শেহতীয়া বাজেটত শিলঘাটস্থিত অসম সমবায় মৰাপাট কল কাৰখানাক পুনৰুজ্জীৱিত কৰিবৰ বাবে 8 কোটি টকা প্ৰস্তাৱ লৈছিল চৰকাৰে । উক্ত ধনৰাশিৰ সহায়ত কলটোক আধুনিক পদ্ধতিৰে গঢ়ি তোলাৰ চেষ্টা কৰিব বুলি জনাইছে মিলটোৰ পৰিচালন সঞ্চালকে ৷

লগতে পঢ়কঃ উপ নিৰ্বাচন: কংগ্ৰেছৰে মিত্রতা নকৰি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা এজেপিৰ

উল্লেখযোগ্য যে, উৎপাদন বৃদ্ধিৰ বাবে উদ্যোগটোত 16 খন শাল, এটা স্পিনিং মেচিন, এটা কপ মেচিন আৰু বিদ্যুৎ শক্তি ব্যাহত নহ'বৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন জেনেৰেটৰ নতুনকৈ সংস্থাপন কৰা হৈছিল যদিও ক'ভিডসৃষ্ট পৰিৱেশ, মৰাপাটৰ বৰ্দ্ধিত মূল‍্য তথা কলটোৱে লোকচানৰ সন্মুখীন হোৱাত অচলাৱস্থাৰ বাবেই মিলটো বন্ধ হৈ আছিল ।

পুনৰ মিলটোৰ উৎপাদন আৰম্ভ হোৱাত শ্ৰমিক-কৰ্মচাৰীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত মিলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে মিল কৰ্তৃপক্ষই।

লগতে পঢ়কঃ ক'ভিড নীতিৰ মাজেৰে পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.