ETV Bharat / state

ভৱেশ কলিতাই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ নতুন সমিতি

author img

By

Published : Aug 18, 2021, 10:29 PM IST

bhabesh-kalita-announced-the-new-committee-of-the-state-bjp
ভৱেশ কলিতাই ঘোষনা কৰিলে ৰাজ্যিক বিজেপিৰ নতুন সমিতি

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অৱশেষত ঘোষণা কৰিলে তেওঁৰ নেতৃত্বত কাম কৰিবলগীয়া নতুন সমিতিৰ বিষয়ববীয়াৰ নাম ৷ বুধবাৰে দলৰ কাৰ্যালয়ত ঘোষণা কৰা এই কমিটিয়ে পৌৰ,পঞ্চায়ত আৰু 2024 চনত অনুষ্ঠিত হ'বলগীয়া লোক সভাৰ নিৰ্বাচনত দলক নেতৃত্ব দিব লাগিব ৷

গুৱাহাটী,18 আগষ্ট: অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পিছত বুধবাৰে ভবেশ কলিতাই ঘোষণা কৰিছে বিজেপিৰ নতুন সমিতিৰ খন ৷ বুধবাৰে দলৰ কাৰ্যালয়ত এই সমিতিৰ বিষয়ববীয়াৰ তালিকাখন ৰাজহুৱা কৰে সভাপতি কলিতাই ৷ এই তালিকা অনুসৰি ৰাজ্যিক বিজেপিৰ তিনি গৰাকী সাধাৰণ সম্পাদক হ'ল ক্ৰমে পল্লৱ লোচন দাস, পুলক গোহাঁই আৰু দিপ্লুৰঞ্জন শৰ্মা ৷ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, আৰু জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা ৷

আনহাতে উপ-সভাপতিৰ তালিকাত স্থান পাইছে ক্ৰমে অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস, অজয় কোঁৱৰ, তপন কুমাৰ গগৈ, ৰেখাৰানী দাসবড়ো, নৱ কুমাৰ দলে, বিজুলী কলিতা মেধী, ৰাজদ্বীপ গোৱালাই ৷ এইবাৰ দলৰ মুখ্য মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক ৷ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে পৱিত্ৰ মাৰ্ঘেৰিটা, সুভাষ দত্ত, ৰঞ্জীৱ কুমাৰ শৰ্মা, ৰূপম গোস্বামী, জানকী খাউন্ড, লক্ষ্য কোঁৱৰ, মানস ডেকা, ৰাম কৃষ্ণ ঘোষ আৰু পংকজ বৰবৰাক ৷

লগতে পঢ়কঃ লুৰীণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া: আদানীক এই সাহস কোনে দিলে ?

মন কৰিবলগীয়া যে,ভৱেশ কলিতাৰ নতুন সমিতিত জনজাতি মৰ্চা সমূহৰ সভাপতিৰ দায়িত্ব কেইবাজনো জনজাতীয় নেতাৰ হাতত অৰ্পন কৰা হৈছে ৷

তালিকা অনুসৰি এই সংখ্যা লঘূ মৰ্চাৰ দায়িত্ব প্ৰদান কৰা হৈছে শান্তিয়াছ কুজুৰক, অ বি চি মৰ্চাৰ সভাপতিৰ দায়িত্ব অশ্বিনী ৰায় সৰকাৰক, চাহ জনজাতি মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰক, অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি মুন স্বৰ্নকাৰক আৰু কিষান মৰ্চাৰ সভাপতিৰ দায়িত্ব দেৱজিত বৰাক প্ৰদান কৰা হৈছে ৷ জানিব পৰা মতে এই মাহতে নতুন সমিতিৰ বিষয়ববীয়াৰ সকলৰ প্ৰথম খন সন্মিলন অনুষ্ঠিত হ'ব আৰু তাতেই সমাগত নিৰ্বাচন কেইটা সন্দৰ্ভত সমৰ কৌশল ৰচিত হ'ব ৷

লগতে পঢ়কঃ কামৰূপ মহানগৰত ১৮ বছৰৰ উৰ্ধৰ সকলোৰে বাবে ক’ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.