ETV Bharat / state

লুৰীণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া: আদানীক এই সাহস কোনে দিলে ?

author img

By

Published : Aug 18, 2021, 9:04 PM IST

শেহতীয়াকৈ আদানী গ্ৰুপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোত নিজৰ আধিপত্য বিস্তাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এটা বিজ্ঞাপনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজ্ঞাপনটোত গোপীনাথ বৰদলৈৰ সলনি তাৰ ঠাইত 'আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট' লিখা হৈছে । যাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

a advertisement of adani group on airport
আদানীক এই সাহস কোনে দিলে ?

গুৱাহাটী,১৮ আগষ্ট: অসমবাসীৰ আবেগ জড়িত হৈ থকা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজ্যবাসীৰ ব্যাপক প্ৰতিবাদৰ পাছতো আদানী গ্ৰুপক ৫০ বছৰৰ বাবে লীজত দিলে । শেহতীয়াকৈ আদানী গ্ৰুপে বিমান বন্দৰটোত নিজৰ আধিপত্য বিস্তাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এটা বিজ্ঞাপনকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিজ্ঞাপনটোত গোপীনাথ বৰদলৈৰ সলনি তাৰ ঠাইত 'আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট' লিখা হৈছে । এই বিজ্ঞাপন দি আদানি গ্ৰুপে বুজাই দিছে যে বিমান বন্দৰটো তেওঁলোকৰ ব্যক্তিগত সম্পত্তি স্বৰূপ হৈ পৰিছে । আদানি গ্ৰুপে দিয়া বিজ্ঞাপনটোত অতি কৌশলেৰে ন'ন এৰ’নটিকেল সেৱাৰ বাবে নিবিদা আহ্বান কৰি প্ৰথমতেই ডাঙৰকৈ লিখা হৈছে 'আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট লিমিটেড'।

লুৰীণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া: আদানীক এই সাহস কোনে দিলে ?

ইয়াৰ দ্বাৰা আদানি গ্ৰুপে এই কথাৰ ইংগিত দিলে নেকি যে গোপীনাথ বৰদলৈৰ নাম মোহাৰি প্ৰয়োজনত তেওঁলোকে তাত আদানি বিমান বন্দৰ বুলি হৰ্ডিং, বেনাৰো আঁৰিব । এটা সৰু বিজ্ঞাপনৰ জৰিয়তে বহু ডাঙৰ কথাৰেই ইংগিত দিলে ।

লগতে পঢ়ক: AJP ৰ গণস্বাক্ষৰ অভিযানত আৰক্ষীৰ বাধা

এই বিজ্ঞাপনটোকলৈয়ে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সামাজিক মাধ্যমতো বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে। বিজ্ঞাপনটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ।

উল্লেখ যে বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক গতোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদে ৯ আগষ্টৰ পৰা সপ্তাহজোৰা গণ-স্বাক্ষৰ অভিযান অনুষ্ঠিত কৰিছিল । বৰঝাৰৰ বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছিল সভাপতি লুৰীণ জ্যোতি গগৈয়ে ।

বিজ্ঞাপনটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণ জ্যোতি গগৈয়ে কয়, বিজ্ঞাপনত আদানিৰ নাম আহি গৈছে । ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ এতিয়া অসম চৰকাৰৰ দৃষ্টিত অস্পৃশ্য হৈ পৰিল । তেওঁলোকৰ বাবে বুকুৰ আপোন হৈ পৰিছে আদানি আৰু আম্বানী ।

"সেইবাবে এই বিমান বন্দৰ আদানিক দি দিছে আৰু আদানি গ্ৰুপে নাম সলনি কৰি এনেদৰে বিজ্ঞাপন দিবলৈ সাহস কৰিছে । ইয়াৰ দ্বাৰা আমাৰ স্বাভিমানত আঘাত লাগিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো আৰু আগলৈয়ো কৰি যাম ।" এইদৰে কয় লুৰীণ জ্যোতি গগৈয়ে ৷

অসমৰ ৰাইজৰ ইয়াৰ বিৰুদ্ধে ওলাই আহিবলৈ তথা সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনাই লুৰীণ জ্যোতি গগৈয়ে লগতে কয়, অসমৰ মাটিত আদানিৰ নামত বিমান বন্দৰ হ'বলৈ দিয়া নহ'ব । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছিল আৰু চলিব ।

লগতে পঢ়ক: এজেপিৰ গণ স্বাক্ষৰ : আদানী গ্ৰুপে লুণ্ঠন চলাব বৰঝাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.