ETV Bharat / state

গৰু,কয়লা ছিণ্ডিকেটেৰে সৰ্বানন্দ সোণোৱালে চলাইছে চৰকাৰ: ভূপেশ বাঘেল

author img

By

Published : Feb 17, 2021, 10:50 PM IST

ass_ghy_01_press_meet_bhuleshWaghel_vedio_script_7209235
গৰু,কয়লা ছিণ্ডিকেটেৰে সৰ্বানন্দ সোণোৱালে চলাইছে চৰকাৰ: ভূপেশ বাঘেল

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত পাঁচ শ খন ট্ৰাকেৰে নিয়মীয়াকৈ অবৈধভাৱে কয়লাৰ সৰৱৰাহ চলি থকা বুলি বাঘেলে গুৰুতৰ অভিযোগ উত্থাপন কৰে । একেদৰে, ৰাজ্যত এতিয়াও 20 লাখ নিবনুৱা যুবক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে বুলি আঙুলিয়াই দি তেওঁ কয় যে বিজেপিৰ প্ৰতিশ্রুতি অনুসৰি যোৱা পাঁচ বছৰত অসমত অতি কমেও 23 লাখ যুবক-যুৱতীয়ে চাকৰি পাব লাগিছিল । কিন্তু চাকৰিৰ নামত চলিল মাত্ৰ প্ৰহসন ।

গুৱাহাটী,17 ফেব্ৰুৱাৰী: গো মাতাৰ পূজাৰ নাম লৈ আচলতে অসমত সৰ্বানন্দ সোণোৱালে চলাইছে গৰুৰ চোৰাং বেহা । লগতে অবাধ হাৰত চলাইছে কয়লাৰ ছিণ্ডিকেট । এই চৰকাৰৰ সকলো অপকৰ্ম অসমবাসীয়ে বুজি পাইছে আৰু সমাগত নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ৷ বুধবাৰে এক সংবাদমেলত এই মন্তব্য কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

সোণোৱাল চৰকাৰে দি অহা উন্নয়নৰ শ্ল’গান অৰ্থহীন বুলি আঙুলিয়াই দি বাঘেলে কয়, আচলতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত কেৱল চলিছে গৰু আৰু কয়লাৰ ছিণ্ডিকেট। এই চৰকাৰৰ কাৰ্যকালত বাংলাদেশত 2016 চনৰ পৰা 2018 চনৰ ভিতৰত গো মাংসৰ যোগান 211শতাংশ বাঢ়িছে ।

ass_ghy_01_press_meet_bhuleshWaghel_vedio_script_7209235
ভূপেশ বাঘেলৰ সংবাদমেল

তেওঁৰ মতে, বিজেপিয়ে গো মাতাৰ পূজা আৰু সংৰক্ষণৰ কথা কৈ ভোট বিচাৰে যদিও সেয়া এক প্ৰতাৰণাহে। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ চলাইছে গৰু ছিণ্ডিকেটৰ বেহা । এই কাৰ্যত চৰকাৰে ব্যবহাৰ কৰিছে খোদ পশুপালন বিভাগক । তাৎপৰ্যপূৰ্ণভাৱে গৰু ছিণ্ডিকেটৰ জৰিয়তে চালান হোৱাৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা গৰু ক’ত ক’ত সংৰক্ষণ কৰা হৈছে তাৰ বিষয়ে ৰাজহুৱা কৰিবলৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী জনায় ।

আনহাতে, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত পাঁচ শ খন ট্ৰাকেৰে নিয়মীয়াকৈ অবৈধভাৱে কয়লাৰ সৰৱৰাহ চলি থকা বুলি বাঘেলে গুৰুতৰ অভিযোগ উত্থাপন কৰে । একেদৰে, ৰাজ্যত এতিয়াও 20 লাখ নিবনুৱা যুবক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে বুলি আঙুলিয়াই দি তেওঁ কয় যে বিজেপিৰ প্ৰতিশ্রুতি অনুসৰি যোৱা পাঁচ বছৰত অসমত অতি কমেও 23 লাখ যুবক-যুৱতীয়ে চাকৰি পাব লাগিছিল । কিন্তু চাকৰিৰ নামত চলিল মাত্ৰ প্ৰহসন ।

উল্লেখ্য যে, ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিচালনাৰ দায়িত্ব লোৱা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আজিৰ সংবাদ মেলত সৰ্বানন্দ সোণোৱাল চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এইবাৰ ৰাইজে এই চৰকাৰক ওফৰাই পুনৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে । বুধবাৰৰ এই সংবাদ মেলত সাংসদ আব্দুল খালেক, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক- ভাৰত-বাংলাদেশ সীমান্তত হ'ব যৌথ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.