ETV Bharat / state

এছ আই কেলেংকাৰীৰ পাচত এইবাৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলিছে ৰাজ্যত

author img

By

Published : Aug 8, 2021, 3:56 PM IST

আৰক্ষীৰ জালত ভুৱা আৰক্ষীৰ নিযুক্তিপত্ৰ প্ৰদানকাৰী চক্ৰৰ এজন লোক ৷ এইবাৰ নগাঁও ৰহাৰ মিলনপুৰৰ পৰা দ্বীপমণি বৰঠাকুৰ নামৰ লোক এজনক আটক কৰে ছয়গাঁও আৰক্ষীয়ে ৷

a-man-in-a-police-custody-by-giving-fake-police-recruitment-letters etv bharat news
ভুৱা আৰক্ষীৰ নিযুক্তি পত্ৰ দি আৰক্ষীৰ জালত আন এজন লোক

ছয়গাঁও, 8 আগষ্ট : ৰাজ্য কঁপাই যোৱা এছ আই নিযুক্তি কেলেংকাৰীৰ পাচত এইবাৰ পোহৰলৈ আহিছে আৰক্ষী বিভাগত সংঘটিত আন এক চাঞ্চল্যকৰ কাণ্ড ৷ এইবাৰ আৰক্ষীত ভৰ্তিৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলাইছে এটা চক্ৰই ৷ কামৰূপ আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত এটাকৈ আৰক্ষী বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰা অভিযুক্ত ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ভুৱা নিযুক্তি পত্ৰ লৈ আৰক্ষীৰ চাকৰিত যোগদান কৰিবৰ বাবে যো-জা চলোৱাৰ তথ্য লাভ কৰিছিল কামৰূপ আৰক্ষীয়ে ৷ আৰক্ষীৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰা চক্ৰটোৰ সৈতে জড়িত থকাৰ অভিযোগত গৰৈমাৰীৰ কালাতলী গাঁৱৰ পৰা মইনুল খান নামৰ এজন লোকক যোৱা বৃহস্পতিবাৰে ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰ পাচতে শনিবাৰে নিশা পুনৰ নগাঁৱৰ ৰহা মিলনপুৰৰ পৰা দ্বীপমণি বৰঠাকুৰ নামৰ লোকজনক ছয়গাঁও আৰক্ষীয়ে আটক কৰে ৷

a-man-in-a-police-custody-by-giving-fake-police-recruitment-letters
আৰক্ষীৰ জালত আন এজন লোক

ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে সাংবাদিকৰ আগত কোনো তথ্য প্ৰকাশ কৰা নাই ৷ জানিব পৰা মতে, আৰক্ষী বিভাগৰ চাকৰিৰ নামত ভুৱা নিযুক্তিপত্ৰ দিয়া চক্ৰটোৰ সৈতে বহুলোক জড়িত আছে ৷ এই ঘটনাৰ সৈতে জড়িত লোক সকলক আটক কৰাৰ বাবে কামৰূপ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়েও জোৰদাৰ তদন্ত অব্যাত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আন এজন ব্যক্তিক ৷

লগতে পঢ়ক : আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ দিয়া এজন লোকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.